NORTHEAST NOW (Assamese)
Popular Stories

নিশা টোপনি নোহোৱা সমস্যাৰ পৰা চিৰদিনৰ বাবে পাওক পৰিত্ৰাণ! মাত্ৰ কৰক এই কাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 9, 2024 11:47 am

নিশা টোপনি নোহোৱাৰ সমস্যাটো এতিয়া আঠৰ পৰা আশীলৈ বহুতৰে ক্ষেত্ৰত দেখা গৈছে।  এই টোপনিৰ অভাৱৰ বাবে বহু ৰোগে শৰীৰত শিপায়। কিন্তু এইবাৰ চিন্তা নাই! মাত্ৰ কেইটামান নিয়ম মানি চলিলে যাদুৰ দৰে ফলাফল পাব। অন্ততঃ নিশা টোপনিকলৈ চিন্তা কৰিব নালাগে।

বিশেষজ্ঞসকলে কয় যে নিশা টোপনি নোহোৱাৰ এই সমস্যাক ইনছোমনিয়া বুলি কোৱা হয়। অসমীয়াত এই ৰোগৰ নাম নিদ্ৰাহীনতা। ব্যস্ত কাম আৰু কিছুমান দৈনন্দিন অভ্যাস আপোনাৰ টোপনিৰ অভাৱৰ এটা ডাঙৰ কাৰণ।

কিন্তু চিন্তা নকৰিব। কেৱল দৈনন্দিন জীৱনশৈলীত কেইটামান পৰিৱৰ্তন কৰিলেই আপুনি চিৰদিনৰ বাবে নিশা টোপনি নোহোৱাৰ পৰা মুক্তি পাব পাৰে।

নিশা গভীৰ টোপনিৰ বাবে কি কি কাম এতিয়াই বন্ধ কৰিব লাগে?

১. নিশা বিচনাত পৰি থকা অৱস্থাত কেতিয়াও মোবাইল ফোন, লেপটপ বা আইপেড লগত নাৰাখিব। এই ইলেক্ট্ৰনিক গেজেটবোৰ বিচনাৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰক।

২. বিয়লিৰ পিনে কোনো ধৰণৰ জিম বা শাৰীৰিক ব্যায়াম নকৰিবলৈ চেষ্টা কৰক। ৰাতিপুৱা কৰিলেই ভাল। বিয়লি ব্যায়াম কৰিলে আপোনাৰ নিশাৰ টোপনিত ব্যাঘাত জন্মিব পাৰে।

৩. বিয়লি বা সন্ধিয়া কফি খাব নালাগে। এই কফি খালে আপোনাৰ টোপনিৰ গুৰুতৰ ক্ষতি হব পাৰে, বিশেষকৈ নিদ্ৰাহীনতাত ভুগি থকাসকলৰ বাবে।

সোনকালে টোপনি আনিবলৈ কি কৰিব লাগে?

১. বিচনাত বহি ধ্যান কৰিব পাৰে। বিচনাত বহি বা শুই দীঘলকৈ উশাহ লওক, অলপ সময় ধৰি ৰাখি লাহে লাহে বাহিৰলৈ এৰি দিয়ক। যাদুৰ দৰে ফলাফল দিব। অলপ সময়ৰ ভিতৰতে টোপনি আহিব।

২. বিচনাত পৰি থকা আপোনাৰ প্ৰিয় গল্পৰ কিতাপ এখন পঢ়িব পাৰে। বহুতে কয় যে এই কৌশলটো টোপনি অহাত অতি ফলপ্ৰসূ।