NORTHEAST NOW (Assamese)
Popular Stories

টোপনিৰ মাজতে মানুহজনৰ নাকেৰে সোমাই গ’ল এটা পইতাচোৰা! তাৰ পিছতে ঘটিল লটিঘটি…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2024 2:50 pm

চীনৰ হাইনান প্ৰদেশৰ হাইকুত ৫৮ বছৰীয়া এজন ব্যক্তিয়ে টোপনিৰ সময়ত এক অস্বাভাৱিক অভিজ্ঞতাৰ সন্মুখীন হয়। এদিন ৰাতি হঠাৎ সাৰ পাই তেওঁৰ শ্বাসনলীত কিবা এটা লৰচৰ কৰি থকা যেন অনুভৱ হ’ল। প্ৰথমতে তেওঁ ভাবিছিল যে এইটো এটা সাধাৰণ অস্বস্তি, কিন্তু অলপ পিছতে বুজি পালে যে বস্তুটো তেওঁৰ শ্বাসনলীৰ তললৈ নামি গৈছে। কিন্তু সেইটো কি সেয়া বুজিবলৈ তেওঁৰ বাবে কঠিন হৈ আছিল।

প্ৰথমতে কথাটোত বেছি চিন্তিত নহৈ আকৌ টোপনি আহিল। পিছদিনা দৈনন্দিন কাম-কাজত ব্যস্ত হৈ পৰে। কিন্তু কেইদিনমানৰ ভিতৰতে তেওঁৰ উশাহ-নিশাহৰ কষ্ট হ’বলৈ ধৰিলে। তেওঁৰ মুখৰ পৰা এটা প্ৰচণ্ড দুৰ্গন্ধ ওলাই থাকিল, যিটো কোনোমতে দূৰ হোৱা নাছিল। কাহৰ লগত হালধীয়া কফ ওলাই থকা দেখি অৱশেষত তেওঁ চিকিৎসালয়লৈ যোৱাৰ সিদ্ধান্ত ল’লে।

লগতে পঢ়কঃ চাতুকাৰিতা! কেন্দ্ৰীয় মন্ত্ৰীৰ জোতা খুলি দিছে,পায়জামা ঠিক কৰি দিছে চৰকাৰী বিষয়াই! ভাইৰেল ভিডিঅ’

হাইনানৰ এখন চিকিৎসালয়ৰ কাণ, নাক আৰু ডিঙিৰ বিশেষজ্ঞৰ ওচৰলৈ গ’ল। যদিও প্ৰাৰম্ভিক পৰীক্ষাত একো ধৰা নপৰে, তথাপিও চিকিৎসকসকলে বিষয়টোক লৈ সন্দেহ প্ৰকাশ কৰিছিল। তেওঁক হাওঁফাওঁৰ বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল। বুকুৰ চিটি স্কেনত তেওঁৰ হাওঁফাওঁৰ তলৰ অংশত এটা অদ্ভুত ছাঁ দেখা গ’ল। এই ছাঁৰ কাৰণ অনুসন্ধান কৰিবলৈ ব্ৰংকোস্কপি কৰাৰ পিছত দেখা গ’ল যে তেওঁৰ শ্বাসনলীত এটা পইতাচোৰা আবদ্ধ হৈ আছে!

চিকিৎসক লিন লিঙে কয় যে পইতাচোৰা পাখি কফেৰে ঢাকি পৰিছিল, যিটো কফ চাফা কৰাৰ পিছতহে দেখা গৈছিল। লাহে লাহে ইয়াক শ্বাসনালীৰ পৰা উলিয়াই অয়া হয়। পইতাচোৰাটো আঁতৰোৱাৰ পিছত ৰোগীজন সোনকালে সুস্থ হৈ উঠে আৰু মুখৰ দুৰ্গন্ধটোও নাইকিয়া হৈ যায়। এদিন পিছতে তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

লগতে পঢ়কঃ পুৱা উঠিয়েই কৰক এই পাঁচটা কাম, শীঘ্ৰে কমিব অতিৰিক্ত চৰ্বি; চাওক ওজন কমোৱাৰ বিশেষ টিপছ

চিকিৎসকসকলে এইটো অত্যন্ত বিৰল ঘটনা বুলি উল্লেখ কৰে আৰু মানুহক সতৰ্ক কৰি দিয়ে যে এনে কোনো শাৰীৰিক অস্বাভাৱিকতা দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।