NORTHEAST NOW (Assamese)
Popular Stories

বি. বৰুৱা কলেজৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱস; মুখ্যমন্ত্রীৰ বিত্তীয় সাহাৰ্য আৰু ভূমি আবণ্টনৰ ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2024 8:03 pm

শুকুৰবাৰে বি. বৰুৱা কলেজে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি ৰূপে অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্য্য  অধ্যাপক ড° ননী গোপাল  মহন্ত  আৰু সন্মানীয় অতিথি হিচাপে কলেজৰ পৰিচালনা সমিতিৰ সভাপতি ড° পাৰ্থপ্ৰতিম বৰুৱা উপস্থিত থাকে ।

কলেজ পৰিয়ালৰ হৈ অধ্যক্ষ ড° সত্যেন্দ্রনাথ বৰ্মন আৰু বি. বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সন্মিলনীয়ে মুখ্যমন্ত্রী আৰু কেবিনেট মন্ত্ৰী ডাঙৰীয়ালৈ আগবঢ়োৱা বিশেষ সম্বৰ্দ্ধনাৰ পাছতে মুখ্যমন্ত্রীয়ে তেওঁৰ এঘণ্টাৰো অধিক সময়জোৰা ভাষণত বি. বৰুৱা কলেজৰ অতীত, বৰ্তমান আৰু অসমৰ সমাজ জীৱনলৈ কলেজখনৰ বহুমূখী অৱদান আলোকপাত কৰি কলেজখনে শেহতীয়াকৈ ৩.৬২ চি.জি.পি.এ. সহ ‘নাক’ৰ পৰা লাভ কৰা A++ গ্ৰেড আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ স্বীকৃতিৰ কাৰণে কলেজ পৰিয়ালক বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁ বৰ্তমানৰ শিক্ষা ব্যৱস্থাত বিজ্ঞান-প্ৰযুক্তি, কৃত্রিম বুদ্ধিমত্তা, ৰব’টিক্স, ক্লাউড কম্পিউটিং আদি ন ন বিষয়, উৎপাদনক্ষম মানৱ সম্পদ সৃষ্টি, অন্যান্য দেশী-বিদেশী মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ সৈতে উমৈহতীয়া পাঠ্যক্ৰম  সংযোজন ইত্যাদি বিষয়ত গুৰুত্ব আৰোপ কৰে।

উল্লেখ্য যে মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ বক্তব্যত কলেজলৈ ১০ কোটি টকাৰ বিত্তীয় সাহাৰ্য, উলুবাৰী উপ স্বাস্থ্যকেন্দ্রৰ ভূমিৰ লগতে কলেজৰ গাতে লাগি থকা আঠ বিঘা মাটি প্ৰদানৰ কথাও বিশেষভাৱে ঘোষণা কৰে। আনুষ্ঠানিক সভাৰ পাছতেই অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা অলিম্পিক বঁটা বিজয়ী ক্ৰাড়াবিদ লাভলীনা বৰগোঁহাইক এই বছৰৰ প্ৰতিভাশালী বিবিয়ান হিচাপে সম্বৰ্দ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ একাংশ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীয়ে গীত, কবিতা, নৃত্যাদিৰ এক আটকধুনীয়া পৰিবেশ ৰচনা কৰে।