NORTHEAST NOW (Assamese)
Popular Stories

ৰে’লত কিশোৰীৰ শ্লীলতাহানি! হামছফৰ এক্সপ্ৰেছত যাত্ৰীয়ে প্ৰহাৰ কৰি হত্যা কৰিলে ৰে’লৱে কৰ্মীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2024 7:16 pm

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নিৰ্যাতনৰ অভিযোগত এজন ৰে’লৱে কৰ্মীক প্ৰহাৰ কৰি হত্যা কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে নিশা দিল্লী অভিমুখী হামছফৰ এক্সপ্ৰেছত সংঘটিত হয় এই ঘটনা।

বিহাৰৰ ছিৱানৰ পৰা হুমছফৰ এক্সপ্ৰেছত উঠিছিল এটা পৰিয়াল। সেই ৰে’লখনত আছিল ৰে’লৱেৰ গ্ৰুপ ডিৰ এজন কৰ্মচাৰী। সকলোৱে এচি থ্ৰী টিয়াৰ ৰুমলৈ গৈ আছিল। জানিব পৰা মতে, ৰেলৱে কৰ্মীজনে ছোৱালীজনীক নিজৰ আসনত বহিবলৈ কৈছিল। ৰাতি ১১:৩০ বাজিছিল। অভিযোগ অনুসৰি, যেতিয়া ছোৱালীজনীৰ মাতৃয়ে শৌচাগাৰলৈ যায় তেতিয়া ৰেলৱে কৰ্মীজনে কিশোৰীগৰাকীক নিৰ্যাতন চলায়।

ছোৱালীজনীৰ মাক ৱাশ্বৰুমৰ পৰা উভতি আহোঁতে ছোৱালীজনীয়ে মাকৰ ওচৰলৈ গৈ কান্দিবলৈ ধৰিলে। ইয়াৰ পিছত তেওঁ গোটেই ঘটনাটো তেওঁক ক’লে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে স্বামী, শহুৰেক আৰু ৰে’লৰ ডবাত থকা যাত্ৰীসকলক খবৰ দিয়ে। ৰেলখন ষ্টেচন পোৱাৰ লগে লগে ছোৱালীজনীৰ পৰিয়ালৰ লোক আৰু যাত্ৰীসকলে ৰেলৱেৰ শ্ৰমিকজনক ঘেৰি ধৰে। তেওঁক তীব্ৰ প্ৰহাৰ কৰা হয়। কানপুৰ চেণ্ট্ৰেল পোৱালৈকে যাত্ৰীসকলে ৰে’ল কৰ্মচাৰীক প্ৰহাৰ কৰি থাকিল। ইয়াৰ পাছত তেওঁলোকে তেওঁক জি আৰ পিৰ হাতত গতাই দিলে। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু হয় ৰেলৱেৰ কৰ্মীজনৰ।

ৰে’ল কৰ্মীজনৰ পৰিয়ালে কিশোৰীগৰাকীৰ পৰিয়ালক হত্যাৰ অভিযোগ উত্থাপন কৰিছে। ছোৱালীজনীৰ পৰিয়ালৰ লোকেও ৰে’ল কৰ্মীজনৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। প্ৰয়াগৰাজ জি আৰ পিৰ আৰক্ষী অধীক্ষক অভিষেক যাদৱে কয়, ‘আইছবাগ ষ্টেচনৰ পৰা ওলাই অহাৰ পাছতে কিশোৰীগৰাকীক নিৰ্যাতন চলাইছিল। কিশোৰীগৰাকীৰ পৰিয়ালৰ লগতে আন যাত্ৰীসকলে অভিযুক্তক মাৰপিট কৰে। কানপুৰ কেন্দ্ৰীয় ষ্টেচনত জি আৰ পিক গতাই দিয়ে অভিযুক্তক। চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হয়।’