NORTHEAST NOW (Assamese)
অসম

তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 16, 2024 3:38 pm

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত মানৱ অধিকাৰ খৰ্ব কৰাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিলে আম আদমী পাৰ্টি, অসমৰ জ্যেষ্ঠ নেতা অম্লানজ্যোতি হাতীবৰুৱাই ৷

পৰীক্ষা গৃহত প্ৰৱেশৰ পূৰ্বে মহিলা পৰীক্ষাৰ্থীৰ ওপৰত মুকলিকৈ চলোৱা হাৰাশাস্তি তথা পৰীক্ষাৰ্থীৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ সন্দৰ্ভত আপৰ নেতাগৰাকীয়ে আজি মানৱাধিকাৰ আয়োগলৈ অভিযোগ প্ৰেৰণ কৰে ৷ নলবাৰী জিলাৰ এখন পৰীক্ষা কেন্দ্ৰত তালাচীৰ নামত মহিলা পৰীক্ষাৰ্থীক শাৰীৰিক – মানসিক নিৰ্যাতন তথা শ্লীলতা হানিৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে আজি আপৰ নেতা অম্লানজ্যোতি হাতীবৰুৱাই এই গুৰুত্বপূৰ্ণ বিষয়টো ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ দৃষ্টিগোচৰ কৰে।

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগলৈ প্ৰেৰণ কৰা পত্ৰত আপৰ নেতাগৰাকীয়ে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে এডিআৰ পৰীক্ষাত কোনো সুপ্ৰশিক্ষিত আৰক্ষী বিষয়া অবিহনে সাধাৰণ ছিকিউৰিটি গাৰ্ডে পৰীক্ষাৰ্থী সকলৰ ওপৰত কৰা মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ অভিযোগৰ তদন্তৰ দাবী কৰে ৷