NORTHEAST NOW (Assamese)
দেশ

জন্মদিন উদযাপনৰ চলেৰে দলিত বান্ধৱীক ধৰ্ষণ, চাঞ্চল্য যোগীৰাজ্যত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 22, 2024 8:30 pm

উত্তৰ প্ৰদেশত পুনৰ ধৰ্ষণৰ বলি হৈছে আন এগৰাকী দলিত যুৱতী। ৰাজ্যখনৰ মহোবা জিলাত সংঘটিত হৈছে এই ঘটনা।

দুই চিনাকি বন্ধুৱে যুৱতীগৰাকীৰ জন্মদিন উদযাপনৰ বাবে এখন হোটেললৈ লৈ গৈ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱতীৰ পৰিয়ালৰ লোকে।

ছেপ্টেম্বৰৰ আৰম্ভণিতে সংঘটিত হৈছিল এই ঘটনা। কিন্তু যুৱতীগৰাকীয়ে ভয়ত সেই কথা কাকো কোৱা নাছিল। অৱশেষত শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা। শনিবাৰে থানাত এজাহাৰ দাখিল কৰে পৰিয়ালটোৱে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তসকল পলাতক হৈ আছে।

পৰিয়াল আৰু আৰক্ষীৰ সূত্ৰ অনুসৰি ৪ ছেপ্টেম্বৰত ১৮ বছৰীয়া কিশোৰীগৰাকীৰ জন্মদিন আছিল। অভিযোগ অনুসৰি সেইদিনা চুবুৰীৰ দুজন যুৱকে তেওঁক এখন হোটেললৈ লৈ গৈছিল। তাতে এজন যুৱকে মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে।

আন এজন ব্যক্তিয়ে এই ঘটনাৰ ভিডিঅ’ সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন হৈছে। এই বিষয়ে কাৰোবাক ক’লে ছ’চিয়েল মিডিয়াতো বিষয়টো ভাইৰেল কৰাৰ হুংকাৰো দিছিল অভিযুক্তই।

স্থানীয় আৰক্ষী বিষয়াই কয়, “দুজন চিনাকি যুৱকে যুৱতীগৰাকীক হোটেললৈ লৈ যায়। ইয়াৰে এজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে।”

শুকুৰবাৰে যুৱতীগৰাকীয়ে পিতৃ-মাতৃক এই বিষয়ে অৱগত কৰে। শনিবাৰে পৰিয়ালটোৱে এই অভিযোগ উত্থাপন কৰে। পলাতক হৈ আছে অভিযুক্ত। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।