NORTHEAST NOW (Assamese)
জীৱনশৈলী

পূজাৰ আগতেই বনাই লওঁক শ্লীম ফিগাৰ : খাদ্যৰ তালিকাত ৰাখক এইকেইটা বস্তু

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 22, 2024 9:18 pm

দুৰ্গা পূজালৈ বেছি দিন নাই। সময় খুব কম। কাম অনেক বাকী আছে – নিজকে সজাই পৰাই তোলা, বজাৰ-সমাৰ কৰা, পূজাৰ পৰিকল্পনা.. ক’ত যে কি!

তাতোকৈ ডাঙৰ সমস্যাটো হৈছে চৰ্বী। এটা শ্লীম ফিগাৰৰ সপোন। শকত শৰীৰ এটা লৈ পূজা চাবলৈ যাবলৈ কোনেনো ভাল পায়?

সেয়ে পূজাৰ আগে আগে আপোনাৰ বাবে লৈ আনিছোঁ চৰ্বী কমোৱাত সহায় কৰা  কেইটামান বিশেষ খাদ্য –

মধুৰীআম : মধুৰীআমত প্ৰচুৰ পৰিমাণে আঁহ থাকে, সেয়ে ই পেট ভৰাই ৰাখে। যাৰ ফলত বাৰে বাৰে অনেক খাদ্য খোৱাৰ প্ৰয়োজন নাই। ইয়াৰ উপৰিও মধুৰীআমে হজম শক্তি উন্নত কৰে, কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। প্ৰতিদিনে এটা মধুৰীআম খোৱাতো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। লগতে ই চৰ্বী কমোৱাত সহায় কৰে।

তৰমুজ : প্ৰতি ১০০ গ্ৰামত তৰমুজত মাত্ৰ ৩০ কেলৰি থাকে, যাৰ ফলত ওজন বৃদ্ধি নহয় তদুপৰি তৰমুজত থকা এমিনো এচিডে শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে আৰু শৰীৰত পানীৰ মাত্ৰা অটুট ৰখাত সহায় কৰে।

জামু : জামু অন্যতম উপকাৰী ফল। ইয়াৰ ফলত বৃহৎ পৰিমাণৰ এণ্টি অক্সিডেন্টৰ সৃষ্টি হয় যিয়ে বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি কৰে। ই হজম শক্তি বৃদ্ধি কৰে। যিহেতু খাদ্য সহজে হজম হয়, গতিকে শৰীৰে চৰ্বি জমা হোৱাৰ কোনো সুযোগ নাপায়।

নাচপতি : নাচপতিত প্ৰচুৰ পৰিমাণে ‘চি’ ভিটামিন থাকে। ভিটামিন ‘চি’-এ বিভিন্ন সংক্ৰমণ আঁতৰাই ৰাখি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। তদুপৰি নাচপতিতো প্ৰচুৰ পৰিমাণে আঁহ থাকে, সেয়ে ই পেটটো বহু সময়লৈকে ভৰাই ৰাখে। তদুপৰি শৰীৰৰ কলেষ্টেৰল কমোৱাত সহায় কৰে।

কমলা : এই ফল খালে শৰীৰৰ কেলৰি ধ্বংসৰ প্ৰক্ৰিয়া বৃদ্ধি হয়। ফলত শৰীৰত জমা হোৱা অতিৰিক্ত কেলৰি স্বাভাৱিকতে গলিবলৈ আৰম্ভ কৰে। তাৰ লগতে ওজনো কমি যায়।