NORTHEAST NOW (Assamese)
Popular Stories

ৰেষ্টুৰেণ্ট, ধাবাৰ চাইনব’ৰ্ডত ডাঙৰ আকাৰত লিখিব লাগিব মালিকৰ নাম! যোগী চৰকাৰৰ নিৰ্দেশ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 24, 2024 6:30 pm

উত্তৰ প্ৰদেশৰ সকলো ধৰণৰ খাদ্যৰ দোকানৰ চাইন বৰ্ডত মালিকৰ নাম-ঠিকনা, মোবাইল নম্বৰ লিখিব লাগিব। ষ্ট’ৰৰ কৰ্মচাৰীয়ে স্থানীয় আৰক্ষী থানাত ব্যক্তিগত তথ্য জমা দিব লাগিব। মঙলবাৰে পুৱা লক্ষ্ণৌত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

উত্তৰ প্ৰদেশৰ সমান্তৰালকৈ আন এখন বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ডেও একে নিৰ্দেশ জাৰি কৰে। বিৰোধীৰ সমান্তৰালকৈ নাগৰিক সমাজেও এই নিৰ্দেশৰ বিৰুদ্ধে সমদল উলিয়ায়।অবশ্যে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে এই নিৰ্দেশ। ৰায়দানত সংশ্লিষ্ট ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে বহু অহিন্দুৱেও নিৰামিষ খাদ্য বিক্ৰী কৰে। বিচাৰকজনে ক’লে, মই নিজে নিৰামিষভোজী। তিৰুৱনন্তপুৰম উচ্চ ন্যায়ালয়ত থাকোঁতে চহৰৰ এখন মুছলমান হোটেলত নিৰামিষ খাদ্য খাবলৈ গৈছিলোঁ।

মঙলবাৰে যোগী আদিত্যনাথ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তত তীৰ্থযাত্ৰাৰ কোনো সম্পৰ্কৰ কথা উল্লেখ কৰা হোৱা নাই। শেহতীয়াকৈ দিল্লীৰ সমীপৰ গাজিয়াবাদত এজন চৰবত বিক্ৰেতাৰ কুকৰ্ম ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দেখা যায় যে তেওঁ মানুহৰ প্ৰস্ৰাৱ চৰবতৰ লগত মিহলাইছে।

উত্তৰ প্ৰদেশ চৰকাৰে এই ঘটনাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি সকলো ৰেষ্টুৰেণ্ট, হোটেল, ধাবাৰ চাইন বৰ্ডত মালিকৰ নাম লিখাটো বাধ্যতামূলক কৰিছে। লগতে মালিকৰ ঠিকনা আৰু ফোন নম্বৰ লিখিবলৈও কোৱা হয়। যাতে অভিযোগ থাকিলে তৎক্ষণাত মালিকৰ সৈতে যোগাযোগ কৰিব পৰা যায়।

তদুপৰি খাদ্যৰ বিশুদ্ধতা ৰক্ষাৰ লগত মালিকৰ নাম ক’ত জড়িত সেই প্ৰশ্নও বহুতে উত্থাপন কৰিছে। যোগী চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰশাসনিক বিষয়াসকলে খাদ্যৰ দোকানলৈ গৈ খাদ্যৰ গুণাগুণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা মানি চলিছে নে নাই পৰীক্ষা কৰিব।