NORTHEAST NOW (Assamese)
Popular Stories

ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষলৈ আপৰ স্মাৰকপত্ৰ ; অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী আপৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 26, 2024 9:20 pm

ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি আজি আম আদমী পাৰ্টিয়ে ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ ডঃ অৰবিন্দ পনগৰীয়াৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

আপৰ নেতা অম্লানজ্যোতি হাতীবৰুৱা, পুনম গগৈ আৰু জাৰবম কুটুমে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ হকে ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ ডঃ পনগৰীয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। অসমৰ জ্বলন্ত সমস্যাবোৰৰ ভিত্তিত আপৰ নেতৃত্বই অধ্যক্ষগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে।

ৰাজ্যত ব্যাপক কৰ্মসংস্থাপন সৃষ্টি, উদ্যোগিক বিকাশ, কৃষিখণ্ডৰ আধুনিকীকৰণ, বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধান, স্বাস্থ্য খণ্ডৰ উন্নয়ন, আন্তঃগাঁথনিৰ বিকাশ, শৈক্ষিক খণ্ডৰ উন্নয়ন, জল, ৰেল আৰু পথ পৰিবহন ব্যৱস্থাৰ ক্ষিপ্ৰ সম্প্ৰসাৰণ আৰু অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবী এই স্মাৰকপত্ৰত স্থান লাভ কৰে। গুৱাহাটীৰ হোটেল ভিভান্টাত অনুষ্ঠিত বৈঠকত আপৰ নেতৃবৃন্দই বিত্ত আয়োগৰ অধ্যক্ষ ড০ অৰবিন্দ পনগৰীয়াৰ হাতত অৰ্পণ কৰে এই গুৰুত্বপূৰ্ণ স্মাৰকপত্ৰ।