NORTHEAST NOW (Assamese)
Popular Stories

নৰবলি! বিদ্যালয়ৰ সন্মান পুনৰ ঘূৰাই অনাৰ বাবে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ বলি, ৫জনক গ্ৰেপ্তাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 27, 2024 2:27 pm

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত আন এক নৰকীয় ঘটনা সংঘটিত হৈছে। কেৱল অন্ধবিশ্বাসৰ বাবেই হত্যা কৰা হ’ল দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰক। আৰক্ষীৰ মতে, বিদ্যালয়খনৰ উন্নতিৰ আশাত নাবালকজনক বলিদান দিয়া হৈছিল। মূল অভিযুক্ত হৈছে ব্যক্তিগত বিদ্যালয়খনৰ পৰিচালক, তেওঁৰ পিতৃ আৰু তিনিজন শিক্ষক। পাঁচোজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, হাথৰাছৰ ৰাছগাও অঞ্চলৰ ডি এল পাব্লিক স্কুলৰ পৰিচালক, পিতৃ আৰু তিনিজন শিক্ষকে বিদ্যালয়খনৰ উন্নতিৰ বাবেই এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল। আচলতে ব্যক্তিগত বিদ্যালয়খন যথেষ্ট সময় ধৰি লোকচানত চলি আছিল। বিদ্যালয় পৰিচালকৰ পিতৃয়ে ‘ক’লা যাদু’ কৰে। মূলতঃ নৰবলিৰ পৰিকল্পনা কৰাজনেই তেওঁ। তেওঁৰ বিশ্বাস আছিল যে এটা সন্তানক ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰিলে স্কুলৰ নাম আৰু যশ দুয়োটাই ঘূৰি আহিব।

আৰক্ষীৰ মতে, ছেপ্টেম্বৰ মাহত বিদ্যালয়ৰ হোষ্টেলৰ পৰা শিশুটিক বলি দিয়াৰ কেইবাবাৰো চেষ্টা কৰা হৈছিল। ৬ ছেপ্টেম্বৰত প্ৰথম বলিদানৰ চেষ্টা কৰা হৈছিল। কিন্তু শিশুটিক হত্যা কৰাৰ পৰিকল্পনা কৰে যদিও হোষ্টেলৰ কোঠাৰ এলাৰ্মটো জ্বলাই দিয়ে। পৰিকল্পনা বিফল হয়। ২২ ছেপ্টেম্বৰত পুনৰ হত্যাৰ চেষ্টা চলোৱা হয়। পিছদিনা ৰাতিপুৱা শিশুটিৰ বিচনাত নিথৰ হৈ থকা মৃতদেহ উদ্ধাৰ হয়। মৃত শিশুটিৰ পিতৃয়ে জনোৱা মতে, তেওঁলোকৰ সন্তানটো গুৰুতৰভাৱে অসুস্থ বুলি হোষ্টেলৰ পৰা ফোন আহিছিল। চিকিৎসালয়লৈ লৈ যোৱা হৈছে। লগে লগে শিশুটিৰ দেউতাক স্কুললৈ গ’ল। জানিব পৰা মতে শিশুটিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। অৱশেষত শিশুটিৰ পিতৃয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ গৈ অভিযুক্তৰ গাড়ীত পৰি থকা শিশুটিৰ মৃতদেহ দেখে৷

তদন্তত আৰক্ষীয়ে বিদ্যালয় চৌহদৰ পৰা ক’লা যাদু আৰু বলিদানৰ সামগ্ৰী উদ্ধাৰ কৰে। জনা যায় যে বিদ্যালয়ৰ পৰিচালকৰ পিতৃয়ে তন্ত্ৰ আৰু ক’লা যাদুৰ অভ্যাস কৰে। তেতিয়াহে গোটেই কথাটো স্পষ্ট হৈ পৰে। সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ বাবে হাথৰাছ আৰক্ষীয়ে বিদ্যালয়খনৰ ৩ গৰাকী শিক্ষক, পৰিচালক আৰু তেওঁৰ পিতৃক গ্ৰেপ্তাৰ কৰিছে। হাথৰাছৰ আৰক্ষী অধীক্ষক নিপুন আগৰৱালে কয় যে, এই গোচৰৰ সৈতে আন কোনো লোক জড়িত হ’লে তদন্ত কৰা হ’ব।