NORTHEAST NOW (Assamese)
দেশ

সদ্যহতে খালী হৈ থাকিব সীতাৰাম য়েচুৰীৰ আসন : চিপিআই(এম)ৰ সমন্বয়ক হিচাপে নিযুক্তি দিয়া হ’ল প্ৰকাশ কাৰাটক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 29, 2024 7:54 pm

২০১৫ চনৰ ১৯ ​​এপ্ৰিলত চিপিআই(এম) দলৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল বিশিষ্ট কমিউনিষ্ট নেতা সীতাৰাম য়েচুৰী। জটিল ৰোগত আক্ৰান্ত হৈ যোৱা ১২ ছেপ্টেম্বৰত মৃত্যু হয় নেতাগৰাকীৰ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ পলিটব্যুৰোৰ সদস্য আৰু ৰাজ্যসভাৰো সদস্য আছিল।

য়েচুৰীৰ মৃত্যুৰ পিছৰে পৰা এই পদ কাক দিয়া হ’ব সেই বিষয়ে চৰ্চা চলি আহিছিল। তাৰ মাজতে দেওবাৰে দলটোৰ কেন্দ্ৰীয় সমিতি আৰু পলিটব্যুৰোৰ অন্তৱৰ্তীকালীন সমন্বয়ক হিচাপে নিযুক্তি দিয়া হয় দলটোৰ জ্যেষ্ঠ নেতা প্ৰকাশ কাৰাটক। কিন্তু সাধাৰণ সম্পাদকৰ পদটো এতিয়াও খালী হৈ আছে।

উল্লেখ্য যে অহা বছৰৰ এপ্ৰিল মাহত মাদুৰাইত ২৪ সংখ্যক দলীয় অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা। পৰৱৰ্তী সাধাৰণ সম্পাদকৰ নাম তাতেই ঘোষণা কৰা হ’ব বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। তেতিয়ালৈকে দলৰ সকলো দায়িত্ব প্ৰকাশ কাৰাটেই চম্ভালিব।

জানিব পৰা মতে, যোৱা সপ্তাহত শুকুৰবাৰ আৰু শনিবাৰে দলটোৰ সদস্য সকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল। তাতেই সিদ্ধান্ত লোৱা হৈছিল যে সদ্যহতে কোনো নতুন ব্যক্তিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া নহ’ব। সেয়ে আভ্যন্তৰীণ সমন্বয়ক হিচাপে সকলো চম্ভালিব লাগিব প্ৰকাশ কাৰাটে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে সাধাৰণ সম্পাদকৰ কাৰ্যভাৰ গ্ৰহণ কৰি থকাৰ সময়ত দলটোৰ কোনো নেতাৰ মৃত্যু হোৱা নাছিল। গতিকে এইবাৰ এই পৰিস্থিতিয়ে দলটোক অলপ অস্থিৰ কৰি তুলিছে।