NORTHEAST NOW (Assamese)
অসম

নাজিৰাত অ’ এন জি চি অসম সম্পদৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে গণ বিক্ষোভ কাৰ্যসূচী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 30, 2024 2:36 pm

ভাৰতৰ অন্যতম  মহাৰত্ন তৈল – গেছ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে বিগত সহায়ত অসমৰ বহু কেইটা দল সংগঠন প্ৰতিবাদ কৰি আহিছে যদিও আজিলৈকে কিন্তু অ’ এন জি চি যে কোনো গুৰুত্ব নিদিয়া  আজি পুনৰ শিৱসাগৰ জিলা গণ সংগঠন সমূহৰ যৌথ সংগ্ৰামী মঞ্চৰ তৰফৰ পৰা O N G C ৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত গণ বিক্ষোভ কাৰ্যসূচী  ৰূপায়ন কৰে ।

১৯৯১ চনৰ পৰা বৰ্তমানলৈকে ONGC তেওঁলোকৰ ৰিগ সমূহ লগতে কৰ্মচাৰী কৰ্তন কৰি বহিৰাজ্যৰ বনিয়াৰ হাতত গতাই দি মুনাফা লাভ কৰি আছে আৰু দিনক দিনে নাজিৰাস্থিত মুখ্য কাৰ্য্যালয় পৰা বহু কেইটা বিভাগ বহিৰাজ্যলৈ নিয়া কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ লগতে নিগমৰ অসম সম্পদত খালী থকা ৯ হাজাৰৰোধিক খালি পদত শীঘ্ৰে নিযুক্তি প্ৰদান কৰা, নাজিৰা আৰু শিৱসাগৰ নগৰক শীঘ্ৰে তৈল নগৰী হিচাপে ঘোষণা কৰা আদি দাবীৰ ভিত্তিত আজি যৌথ সংগ্ৰামী মঞ্চৰ শতাধিক পুৰুষ – মহিলাই অংশগ্ৰহণ কৰি বিভিন্ন প্ৰতিবাদী ধৰ্ণাৰে উত্তাল কৰি তোলে নিগমৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ত চৌহদ ।