NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ আটাইতকৈ বয়ষ্ক জীৱিত কুকুৰ হ’ল পেবলছ্: গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছে দিলে স্বীকৃতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 28, 2022 9:53 am
world’s oldest living dog

আপুনি সচৰাচৰ দেখি থকা এটা কুকুৰৰ আনুমানিক বয়স কিমান হ’ব পাৰে? বা কেতিয়াবা ভাবিছে নে বিশ্বৰ আটাইতকৈ বয়সীয়াল কুকুৰটোৰ বয়স কিমান হ’ব পাৰে! শেহতীয়াকৈ গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছে প্ৰকাশ কৰিছে এই প্ৰশ্নটোৰ উত্তৰ। গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছে পেবলছ্ নামৰ এটা কুকুৰক বিশ্বৰ আটাইতকৈ বয়ষ্ক জীৱিত কুকুৰৰ স্বীকৃতি দিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেৰোলিনাৰ এই টয় ফক্স টেৰিয়াৰ প্ৰজাতিৰ কুকুৰটোৰ বৰ্তমান বয়স ২২ বছৰ ৫৯ দিন। ২০০০ চনৰ ২৮ মাৰ্চত জন্ম হৈছিল পেবলছৰ।

দক্ষিণ কেৰোলিনাৰ ববি আৰু জুলি গ্ৰেগৰিয়ান নামৰ দম্পত্তিহালে তেওঁলোকৰ পৰিয়ালৰ অন্যতম সদস্য পেবলছৰ নাম গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছলৈ আবেদন কৰাৰ পিছত পেবলছক বিশ্বৰ আটাইতকৈ বয়ষ্ক জীৱিত কুকুৰ হিচাপে স্বীকৃতি দিয়া হয়।

 

 

View this post on Instagram

 

A post shared by Pebbles (@pebbles_since_2000)

উল্লেখ্য যে চলিত বৰ্ষৰে ১৬ মাৰ্চত ফ্ল’ৰিডাৰ টবিকিথ নামৰ ২১ বছৰ ৬৬ দিনীয়া এটা কুকুৰক গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছে আটাইতকৈ বয়সীয়াল জীৱিত কুকুৰ হিচাপে স্বীকৃতি দিছিল। কিন্তু টবিকিথৰ এই স্বীকৃতি দীৰ্ঘ সময়ৰ বাবে নাথাকিল।

ববি আৰু জুলি গ্ৰেগৰীয়ে টেলিভিচনত টবিকিথৰ বিষয়ে সম্প্ৰচাৰিত বাতৰিটো চাই থাকোঁতে অনুভৱ কৰিছিল টবিকিথতকৈ পেবলছৰ বয়স বেছি। ইয়াৰ পিছতে জুলি গ্ৰেগৰীয়ে গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ সৈতে যোগাযোগ কৰি পেবলছৰ স্বীকৃতিৰ বাবে আবেদন কৰে।

ববিয়ে প্ৰকাশ কৰা মতে ২০০০ চনত তেওঁ এটা ডাঙৰ প্ৰজাতিৰ কুকুৰৰ সন্ধান চলাই আছিল। তেওঁ নিতৌ খোজ কাঢ়িবলৈ ওলাই যোৱাৰ সময়ত প্ৰায়ে এটা টয় ফক্স টেৰিয়াৰে তেওঁক অনুসৰণ কৰা দেখিবলৈ পায়। ইয়াৰ পাছতে তেওঁ কুকুৰৰ পোৱালিটোক ঘৰলৈ লৈ আহে।

গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতিৰ পিছত জুলিয়ে কয়, “আমি সঁচাকৈয়ে সন্মানিত।পেবলছ্ সকলো সময়তে আমাৰ লগত আছে। পেবলছ্ সদায়ে আমাৰ জীৱনৰ অংশ হৈ আছে।”