NORTHEAST NOW (Assamese)
অসম

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ ড০ বিৰিঞ্চি কুমাৰ দাসৰ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ June 26, 2019 8:26 am

নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বজালী মহাবিদ্যালয়ক ভট্টদেৱ বিশ্ববিদ্যালয় নামাকৰণেৰে বিশ্ববিদ্যালয় পৰ্য্যায়লৈ উন্নীতকৰণ কৰাৰ পাছত শিক্ষানুষ্ঠানখনৰ উপাচাৰ্য্য হিচাপে ড০ বিৰিঞ্চি কুমাৰ দাসক নিযুক্তি প্ৰদান কৰা হয়।

ড০ দাসে ২৫ জুনত আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ চৌহদত প্ৰবেশ কৰাৰ লগে লগে দাসক উদ্যোক্তা সমিতিৰ লগতে বজালী অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি তথা অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে উষ্ম আদৰণি জনায়।

মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি সম্পুৰ্ণানন্দ তালুকদাৰ, পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা, বজালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চন্দনা শৰ্মাকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলে মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা আদৰণি অনুষ্ঠানত অংশলৈ নৱ নিযুক্ত উপাচাৰ্য্যগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

অনুষ্ঠানত অংশ গ্ৰহণ কৰি উপাচাৰ্য্যগৰাকীয়ে নতুনকৈ প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খনৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ভাষণ প্ৰদান কৰে।

বৰপেটা জিলাৰ বজালী মহকুমাৰ পাঠশালাত অৱস্থিত বজালী মহাবিদ্যালয়ক উন্নীতকৰণ কৰি অসম চৰকাৰে ২০১৭ চনত ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, ১৯৫৫ চনত স্থাপন হোৱা বজালী মহাবিদ্যালয়ে নামনি অসমত উচ্চ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মহাবিদ্যালয়খনে কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত স্নাতক পাঠ্যক্ৰম আগবঢ়োৱাৰ লগতে প্ৰাণী বিজ্ঞান, ভূগোল, গণিত আৰু অসমীয়া বিসয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়াইছিল। ২০১৭ চনত ‘নাক’ দ্বাৰা হোৱা মূল্যাংকনত বজালী মহাবিদ্যালয়ে ‘এ’ গ্ৰেড লাভ কৰিছিল।