NORTHEAST NOW (Assamese)
শিক্ষা

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ১০০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে লাভ কৰিলে এগৰাকী মহিলা উপাচাৰ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 23, 2024 1:15 pm

১০০ বছৰৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে এগৰাকী মহিলা উপাচাৰ্য। প্ৰথমবাৰৰ বাবে এই বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ আসনত এগৰাকী মহিলা আসীন হ’ল। অধ্যাপিকা নাইমা খাতুনক এ এম ইউৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। খাতুন আগন্তুক ৫ বছৰৰ বাবে উপাচাৰ্যৰ পদত অধিষ্ঠিত থাকিব।

লগতে পঢ়ক: VogueStar Miss India 2024: ভ’গষ্টাৰ মিছ ইণ্ডিয়া ২০২৪ৰ মুকুট পিন্ধিলে অসমৰ মনীষা শৰ্মা আৰু অৰুণাচলৰ ডুইৰ এটে

শিক্ষা মন্ত্ৰালয়ৰ অনুমোদনৰ পাছতে নতুন উপাচাৰ্যৰ নিযুক্তি পত্ৰত স্বাক্ষৰ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। জানিব পৰা মতে, নিৰ্বাচনী আচৰণ বিধি অনুসৰি উপাচাৰ্য নিযুক্তি সন্দৰ্ভতো ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ পৰা অনুমতি লোৱা হৈছে।

লগতে পঢ়ক: দেশত ৮০ শতাংশ হিন্দু, ১৪ শতাংশ মুছলমান, কি ভয় খাইছে মোডীয়ে?-প্ৰশ্ন কাশ্মীৰৰ ওমৰ আব্দুল্লাৰ

নাইমা খাতুন আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। এই বিশ্ববিদ্যালয়ৰ পৰাই খাতুনে মনোবিজ্ঞানত পি এইচ ডি লাভ কৰিছিল। ১৯৮৮ চনত মনোবিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে তাৰ পাছত ২০১৪ চনত নাইমাই মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে যোগদান কৰে।

লগতে পঢ়ক: ৰাজস্থানত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যকলৈ ৰাজনৈতিক ধুমুহা; প্ৰতিবাদত একত্ৰিত বিৰোধী

১৮৭৫ চনত স্থাপিত এই বিশ্ববিদ্যালয়খন স্বাধীনতাৰ পূৰ্বৰ সময়তো ৰাষ্ট্ৰীয় পৰ্যায়ত এক গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান আছিল। সেই সময়ত বেগম চুলতান জাহানে চ্যান্সেলৰ হিচাপে যোগদান কৰিছিল। জাহান আছিল একমাত্ৰ মহিলা আচাৰ্য। আৰু এইবাৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমগৰাকী মহিলা উপাচাৰ্য নিযুক্তি দিয়া হ’ল।