• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থানত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যকলৈ ৰাজনৈতিক ধুমুহা; প্ৰতিবাদত একত্ৰিত বিৰোধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2024 9:38 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ৰাজস্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজহুৱা ভাষণকলৈ তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্বাচন আয়োগক আবেদন জনাইছে। তেওঁলোকৰ মতে, প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত ধৰ্মক টানি আনিছে।

দেওবাৰে বানশ্বৰাত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে, “কংগ্ৰেছে কৈছে ক্ষমতালৈ আহিলে কংগ্ৰেছে দেশৰ সম্পদ সংখ্যালঘু লোকৰ মাজত বিতৰণ কৰিব।” লগতে প্ৰধানমন্ত্ৰীয়ে যোগ দিয়ে, “মনমোহন সিং চৰকাৰ ক্ষমতাতত থকা সময়ত কৈছিল, দেশৰ সম্পদৰ ওপৰত আটাইতকৈ প্ৰথম মুছলমান সকলৰ অধিকাৰ আছে।”

জনতাক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষমতালৈ আহিলে আপোনালোকৰ উপাৰ্জনৰ ধন মুছলমান অনুপ্ৰৱেশকাৰীৰ মাজত বিতৰণ কৰিব। কংগ্ৰেছৰ ই স্তাহাৰতত কোৱা হৈছে যে মাতৃ-ভগ্নীৰ সোণৰ হিচাপ কৰা হ’ব। তাৰ পিছত  মনমোহন সিং চৰকাৰে যিসকলৰ কথা কৈছিল তেওঁলোকক বিতৰণ কৰা হ’ব। আৰু নগৰীয়া নক্সালবাদীসকলেতো মংগলসূত্ৰকো এৰি নিদিব।”

Apply Now

লগতে পঢ়কঃ IPL 2024: যশস্বীৰ অনবদ্য শতকেৰে দুৰ্দান্ত জয় ৰাজস্থানৰ; প্লে অফলৈ যোৱাৰ পথ কঠিন হ’ল হাৰ্দিকৰ মুম্বাইৰ

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। তেওঁ কয়, ‘নৰেন্দ্ৰ মোডীৰ বাহিৰে দেশৰ আন কোনো প্ৰধানমন্ত্ৰীয়ে পদটোক এনেদৰে অসন্মান কৰা নাই। এনে কথা প্ৰধানমন্ত্ৰীৰ মুখৰ লগত খাপ নাখায়।‘ কংগ্ৰেছৰ সভাপতিৰ ভাষাত ‘প্ৰধানমন্ত্ৰীৰ কথাত স্পষ্ট প্ৰথম পৰ্যায়ৰ ভোটদানে তেওঁৰ অস্বস্তি বঢ়াইছে। তেওঁৰ ভাষণ অৱশ্যে ঘৃণামূলক ভাষণ। একে সময়তে তেওঁ মানুহৰ দৃষ্টি ঘুৰাব বিচাৰিছে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পৰা শিকি অহা শিক্ষাই তেওঁৰ কথাত প্ৰতিফলিত হৈছে।‘ খাৰ্গেই লগতে কয় যে বিজেপি আৰু সংঘৰ কৃতিত্বই হৈছে মিছাৰ স্বৰ্গ সৃষ্টি কৰি বিৰোধীসকলক বদনাম কৰা।

কংগ্ৰেছৰ ইস্তাহাৰক বৈপ্লৱিক ইস্তাহাৰ আখ্যা দি ৰাহুল গান্ধীয়ে দাবী কৰে যে ই ভাৰতবাসীৰ হৃদয় জয় কৰিছে। সেয়ে, প্ৰধানমন্ত্ৰী বিচলিত। তদুপৰি, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে তেওঁৰ বাবে ভাল খবৰ কঢ়িয়াই নানিলে বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে। কংগ্ৰেছৰ নেতাগৰাকীৰ মতে, চাকৰি, কৰ্মসংস্থাপনৰ কথা কোৱা বিৰোধী মঞ্চ ‘ইণ্ডিয়া’ৰ ইস্তাহাৰৰ প্ৰতি আস্থা ৰাখি মানুহে ভোটদান কৰিব।

মোডীৰ ৰাজস্থান সমাৱেশৰ পৰা মুছলমানৰ সন্তানৰ সংখ্যাকো উপহাস কৰে বিজেপিয়ে। ইয়াৰ উত্তৰত কংগ্ৰেছে ছ’চিয়েল মিডিয়াত সোঁৱৰাই দিয়ে যে প্ৰধানমন্ত্ৰীও ছয় ভাই-ভনীৰ ভিতৰত এজন।

লগতে পঢ়কঃ সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগ : হায়দৰাবাদৰ বিজেপি প্ৰাৰ্থী মাধৱীলতাৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেৱল বানশ্বৰা সভাতে নহয়, বিগত সাত-দহ দিন ধৰি প্ৰধানমন্ত্ৰীৰ ভাষণতো বিভিন্ন পক্ষই আপত্তি তুলিছে। তেওঁ ধৰ্মৰ ভিত্তিত বিৰোধীক আক্ৰমণ কৰিছে। বাৰে বাৰে কৈছে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ পোৱাৰ পিছতো যিসকলে নগ’লে তেওঁলোকে ৰামক অপমান কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰামনৱমীৰ সময়ত মাছ-মাংস খোৱাৰ সন্দৰ্ভত কয় যে ৰামনাৱমীৰ সময়ত আমিষ খাদ্য খোৱাসকলে সংখ্যাগুৰুসকলৰ আৱেগক আঘাত দিছে। এই মন্তব্যৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে মানুহৰ খাদ্যাভ্যাসক লৈ প্ৰশ্ন উত্থাপন কৰা বুলি বিৰোধীৰ অভিযোগ।

চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে দহ দিনমান পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিতৰ্কিত ভাষণৰ এলানি উদাহৰণ দি নিৰ্বাচন আয়োগলৈ পত্ৰ লিখিছে। অৱশ্যে আয়োগে পত্ৰখন পোৱাৰ কথা স্বীকাৰ কৰা নাই।

তৃণমূলৰ সাংসদ ছাকেট গোখেলেই ৰাজস্থানৰ ভাষণকলৈ মোডীক আক্ৰমণ কৰে। তেওঁ দেশবাসীক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিবলৈ আহ্বান জনায় আৰু কয় যে নিৰ্বাচন আয়োগে নিজাববীয়াকৈ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে। তেওঁলোকে প্ৰধানমন্ত্ৰীক বিনামূলীয়া পাছ দিছে। গোখলেই কয় যে প্ৰধানমন্ত্ৰীৰ ভাষণৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবীত যদি একেসময়তে এক হাজাৰ ভাৰতীয়ই আয়োগলৈ এটাকৈ সৰু ই-মেইল প্ৰেৰণ কৰে তেন্তে তেওঁলোকে ইয়াক আওকাণ কৰিব নোৱাৰিব। তৃণমূলৰ সাংসদগৰাকীয়ে ৰাইজক প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে।

লগতে পঢ়কঃ ৪ বছৰৰ পিছত ঘৰলৈ উভটি আহিল ৬০ হাজাৰ টকাত বহিঃৰাজ্যত বিক্ৰী কৰা অসমীয়া যুৱতী

হায়দৰাবাদৰ সাংসদ তথা এআইএমআইৰ নেতা আছাউদ্দিন ওৱেইচিয়ে প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ কয় যে মোডীৰ কাৰ্যকালত একমাত্ৰ গেৰান্টি হৈছে মুছলমানসকলক হেয়জ্ঞান কৰা। তেওঁ সংখ্যালঘুৰ হাতলৈ ধন হস্তান্তৰ কৰাৰ কথা কৈছে। দৰাচলতে মোডীৰ কাৰ্যকালত দেশৰ ৪০ শতাংশ ধন তেওঁৰ বন্ধুসকলৰ হাতলৈ গৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd