• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: যশস্বীৰ অনবদ্য শতকেৰে দুৰ্দান্ত জয় ৰাজস্থানৰ; প্লে অফলৈ যোৱাৰ পথ কঠিন হ’ল হাৰ্দিকৰ মুম্বাইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2024 8:06 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপ্ৰতিৰোধ্য গতিৰে আগবাঢ়িছে ৰাজস্থান ৰয়েলছ। আঠখনৰ ভিতৰত ৭খনতে জয়লাভ কৰিছে ছেমছন বাহিনীয়ে। সোমবাৰে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰি আই পি এল লীগ তালিকাৰ শীৰ্ষতে থাকি গ’ল ৰাজস্থান ৰয়েলছ। মেচখনত পৰাজয়ৰ ফলত মুম্বাই ইণ্ডিয়ানছৰ ওপৰত অধিক চাপ পৰিল।

সোমবাৰে যশস্বী জয়ছোৱালৰ বেটৰ তাণ্ডৱত দিশহাৰা হৈ পৰে। মুম্বাইৰ বলাৰক বিপৰ্যস্ত কৰিয়েই তেওঁ মেচখনৰ ফলাফল হাতত লৈ ৰাজস্থানৰ ড্ৰেছিং ৰুমলৈ যায়। এইবাৰৰ আই পি এলত তেওঁ নিজৰ নামৰ সৈতে ন্যায় কৰিব পৰা নাছিল। কিন্তু তেওঁ মুম্বাইৰ বিৰুদ্ধে পুনৰ নিজৰ যশ ঘুৰাই আনিলে। তেওঁ অনবদ্য শতক অৰ্জন কৰে। বাটলাৰে আউট হোৱাৰ পিছত এককভাৱে দলটোক টানি নিয়ে।

যশস্বীৰ আক্ৰমণাত্মক বেটিঙৰ বাবেই ৰাজস্থানে খেলখনত সহজে জয়লাভ কৰে। যশস্বীয়ে ১০৪ ৰান (৯ চাৰি, ৭ ছয়)ৰে অপৰাজিত হৈ থাকে। খেলখনত ৮টা বল বাকী থকা অৱস্থাত ৰাজস্থান ৰয়েলছে জয়লাভ কৰে।

Apply Now

প্ৰতিখন মেচেই হাৰ্দিক পাণ্ডিয়াৰ দলৰ বাবে মৰণপণ যুঁজ হৈ পৰিছে। মেচত পৰাস্ত হোৱাৰ অৰ্থ হ’ল নিজকে আৰু অধিক বিপদত পেলোৱা। প্লে অফৰ পথটো কঠিন কৰি তোলা। এই দিনটোত হাৰ্দিক পাণ্ডিয়াৰ দলৰ পৰাজয় বিপদৰে ইংগিত।

টছত জয়লাভ কৰি মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰে। কিন্তু আৰম্ভণিৰে পৰাই মুম্বাই দুৰ্যোগৰ সন্মুখীন হয়। ট্ৰেণ্ট ব’ল্টৰ বিৰুদ্ধে হিটমেনৰ দুৰ্বলতা এতিয়াও দূৰ হোৱা নাই। পুনৰ বল্টৰ বলি হয় ৰোহিত (৬)। আনহাতে, ঈশানে কিষাণে একাউণ্ট খুলিবই নোৱাৰিলে। সন্দীপ শৰ্মাই তেওঁক ঘূৰাই পঠালে।

সূৰ্যকুমাৰ যাদৱেও ৰান নাপালে। “স্কাই” মাত্ৰ ১০ ৰান লৈ ডাগ আউট হৈ উভতি আহিবলগীয়া হয়। সন্দীপ শৰ্মাৰ চিকাৰ হয় তেওঁ। তিলক ভাৰ্মা আৰু মহম্মদ নবীয়ে ৩২ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে।

যুজবেন্দ্ৰ চাহালে নৱীক ২৩ ৰানত আউট কৰি অভিলেখ গঢ়ে। তেওঁ আই পি এলত ২০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হোৱা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। এই মেচখনৰ বলৰ আগতে তেওঁৰ হাতত আছিল ১৯৯টা উইকেট। মুম্বাইৰ বিৰুদ্ধে এটা উইকেট দখল কৰি চাহালে এক নতুন কৃতিত্ব অৰ্জন কৰে। ৰাজস্থানৰ জাৰ্চিত তেওঁৰ ৬১টা উইকেট আছে। অৱশ্যে আই পি এল কেৰিয়াৰত তেওঁ আৰ চি বিৰ জাৰ্চিত সৰ্বাধিক উইকেট দখল কৰিছে।

এটাৰ পিছত এটা উইকেট হেৰুৱাই মুম্বাই ইণ্ডিয়ানছ চাপত পৰা সময়তে তিলক আৰু নেহালে পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। এই দুই বেটছমেনে মুম্বাইৰ ইনিছংৰ সুদৃঢ় ভিত্তি গঢ়িবলৈ চেষ্টা কৰিছিল। তেওঁলোকে ৯৯ ৰান সংগ্ৰহ কৰে। নেহালৰ বাবে দুৰ্ভাগ্য। তেওঁ ৪৯ ৰান সংগ্ৰহ কৰে। নেহালৰ ইনিংছটোত আছিল তিনিটা বাউণ্ডেৰী আৰু ৪টা ছয়।

এই পৰিস্থিতিৰ পৰাই মুম্বাই ইণ্ডিয়ানছৰ ইনিংছ ১৭৯ ৰানত পতন ঘটে। সন্দীপ শৰ্মাই তেওঁলোকৰ ইনিংছত ভাঙোন আনে। দিনটোৰ শেষত তেওঁৰ নামৰ কাষত লিখা ৰ’ল পাঁচ উইকেট। সন্দীপে ৪ অভাৰত ১৮ ৰানত ৫ টা উইকেট দখল কৰে। তিলক ভাৰ্মা (৬৫)ও সন্দীপৰ চিকাৰ হয়। তিলক আৰু নেহালে ৰান নকৰিলে হয়তো মুম্বাইৰ ইনিংছ আগতে শেষ হ’লহেঁতেন। শেষত মুম্বাইৰ কোনেও থিয় দিব নোৱাৰিলে।

ৰাণ অতিক্ৰম কৰিবলৈ নমা ৰাজস্থানৰ ইনিংছৰ ষষ্ঠ অভাৰত বৰষুণ দিছিল। চল্লিশ মিনিটৰ পিছত খেলখন পুনৰ আৰম্ভ হ’ল। কিন্তু ৰাজস্থানৰ ইনিংছত অভাৰৰ সংখ্যা কৰ্তন নহ’ল। ৰাজস্থানৰ ইনিংছত পিযুষ চাওলাই আঘাত হানে। বিপজ্জনক হৈ পৰা বাটলাৰ (৩৫)ক পিযুষে বোল্ড কৰে। বাটলাৰ আৰু যশস্বী জয়ছোৱালে প্ৰথম যুটিত ৭৪ ৰান সংগ্ৰহ কৰে।

বাটলাৰ উভতি অহাৰ পিছত যশস্বী জয়ছোৱালে ৰাজস্থানৰ ইনিংছ টানি লৈ যায়। তেওঁ ৩১টা বলত পঞ্চাশ ৰান কৰে। যশস্বী কেচ পৰিল। সঞ্জু চেমছনৰ কেচ পেলায় মুম্বাইৰ টিম ডেভিদে। মুম্বাইৰ ফিল্ডিং আছিল নিষ্প্ৰভ।মুম্বাইয়ে কেচ ড্ৰপ কৰিয়েই যেন মেচখনত পৰাস্ত হ’ল। যশস্বী জয়ছোৱালে এক দুৰ্দান্ত ইনিংছ খেলিলে। সঞ্জু ছেমছনেও  যোগ্য সংগ দিলে। তেওঁ আৰু যশস্বীয়ে ১১০ ৰান যোগ দি জয় নিশ্চিত কৰে। এতিয়া সকলোৰে শীৰ্ষত ৰাজস্থান।

সংক্ষিপ্ত স্কোৰঃ

মুম্বাই ইণ্ডিয়ানছ-১৭৯/৯ (তিলক ৬৫, সন্দীপ ৫/১৮)

ৰাজস্থান ৰয়েলছ-১৮৩/১ (যশস্বী ১০৪*, সঞ্জু ৩৮*)

ৰাজস্থানে ৯ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

August 17, 2026 6:28 pm
শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

August 17, 2026 5:52 pm
লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

August 17, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm
টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

August 17, 2026 6:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd