এনভিডিয়াৰ চিইঅ’ জেনচেন হুয়াঙক লৈ হোৱা বিতৰ্কৰ যেন শেষ নাই। এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। যোৱা মাৰ্চ মাহত কেলিফৰ্ণিয়াৰ এখন হোটেলত এনভিডিয়াৰ বাৰ্ষিক ডেভেলপাৰ সন্মিলনৰ সময়ত কোম্পানীটোৰ চিইঅ’ জেনচেন হুয়াং আৰু এগৰাকী শীৰ্ষ কাৰ্যবাহী কিম্বাৰ্লি পাৱেলক অন্তৰংগ পৰিস্থিতিত দেখা গৈছিল বুলি অভিযোগ উঠিছে।
সেই মুহূৰ্তৰ ভিডিঅ’টো হোটেলত উপস্থিত থকা এজন ব্যক্তিয়ে মোবাইল ফোনত ৰেকৰ্ডিং কৰে। তাৰ পিছত হুয়াঙৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে ব্যক্তিজনক কাষলৈ লৈ গৈ গোপনীয়তা চুক্তি বা নন ডিছক্লোজাৰ এগ্ৰিমেন্টত (এন ডি এ) স্বাক্ষৰ কৰিবলৈ কয় বুলি নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।
কেলিফৰ্ণিয়াৰ ছান জোছত সংঘটিত হৈছে এই ঘটনা। তাতেই এনভিডিয়াৰ বাৰ্ষিক জিটিচি সন্মিলনৰ আয়োজন কৰা হৈছিল। এই সন্মিলনত বিভিন্ন ডেভেলপাৰ, গৱেষক, উদ্যোগী আৰু অভিযন্তাসকলে অংশগ্ৰহণ কৰে। সন্মিলনৰ সময়ত জেনচেন হুয়াং আৰু কোম্পানীটোৰ অন্যান্য কাৰ্যবাহীসকলে ওচৰৰ এখন হোটেলত বৈঠকত মিলিত হৈছিল। কাকতখনৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে হুয়াং আৰু পাৱেলৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকা দেখা গৈছিল।
প্ৰতিবেদন অনুসৰি হোটেলখনত উপস্থিত থকা এজন ব্যক্তিয়ে সেই মুহূৰ্তটো নিজৰ মোবাইল ফোনত ৰেকৰ্ড কৰে। এই বিষয়টো হুয়াঙৰ নিৰাপত্তাৰক্ষীৰ দৃষ্টিগোচৰ হয়। তাৰ পিছত তেওঁলোকে ব্যক্তিজনক এফালে লৈ যায়। নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি নিৰাপত্তাৰক্ষীয়ে ব্যক্তিজনক এন ডি এত চহী কৰিবলৈ কয়। তেওঁক এই চৰ্ত দিয়া হৈছিল যে তেওঁ যি দেখিছে সেই কথা আন কাৰো আগত যাতে প্ৰকাশ নকৰে।
চীনৰ ব্যৱসায়ী এলিছ হুয়াঙৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰি জেনচেন হুয়াঙে বিতৰ্কৰ সৃষ্টি কৰা সময়তে এই ঘটনা পোহৰলৈ আহে। আমেৰিকাৰ চোৰাংচোৱা সংস্থাই এলিছ হুয়াং চীনৰ চোৰাংচোৱা হ’ব পাৰে বুলি সন্দেহ কৰিছে।
আনহাতে, ৪৮ বছৰীয়া কিম্বাৰ্লি পাৱেলে ২০০৮ চনৰ পৰা এনভিডিয়াৰ সৈতে জড়িত হৈ আছে।বৰ্তমান তেওঁ কোম্পানীটোৰ স্বাস্থ্যসেৱা বিভাগৰ ভাইচ প্ৰেছিডেন্ট। মাৰ্চ মাহত অনুষ্ঠিত হোৱা সন্মিলনতো উপস্থিত আছিল পাৱেল। তাত তেওঁ স্বাস্থ্যসেৱা আৰু জীৱবিজ্ঞানৰ উন্নতিৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ বিষয়ে কয়। তেওঁৰ উপস্থাপনত জেনচেন হুয়াঙৰ কাৰ্টুন ছবিও ব্যৱহাৰ কৰা হৈছিল।
এনভিডিয়াত পাৱেলৰ কেৰিয়াৰ ১৮ বছৰতকৈও অধিক সময় ধৰি চলিছিল। প্ৰথম অৱস্থাত তেওঁ কোম্পানীটোৰ এআই চিপৰ মেডিকেল ইমেজিঙৰ ব্যৱহাৰ বৃদ্ধিৰ কাম কৰিছিল। ২০১৬ চনত তেওঁ জ্যেষ্ঠ সঞ্চালক পদলৈ পদোন্নতি লাভ কৰে। তাৰ পিছত ২০১৭ চনৰ শেষৰ ফালে তেওঁক ভাইচ প্ৰেছিডেন্ট হিচাপে নিযুক্তি দিয়া হয়। এই তথ্য তেওঁৰ পেছাদাৰী প্ৰফাইল আৰু লিংকডইন পেজৰ পৰা লাভ কৰা হৈছে।
বৰ্তমান পাৱেলে এনভিডিয়াৰ স্বাস্থ্যসেৱা বিভাগৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰ ব্যৱসায়ৰ দায়িত্ব লয়। মেডিকেল ইমেজিং, লাইফ ছায়েঞ্চ আৰু ঔষধ আৱিষ্কাৰত ব্যৱহৃত প্ৰযুক্তিও তেওঁৰ দায়িত্বত পৰে। কিন্তু এই সমগ্ৰ বিষয়টোত জেনচেন হুয়াং, কিম্বাৰ্লি পাৱেল আৰু এনভিডিয়া কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল।
ইফালে ইটোৰ পিছত সিটো বিতৰ্কৰ বাবে ৬৩ বছৰীয়া প্ৰযুক্তি কোম্পানী এনভিডিয়াৰ স্থিতিও বৰ্তমান প্ৰশ্নৰ সন্মুখীন হৈছে। ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কোম্পানীটোৰ পৰিচালনা সমিতিৰ উদ্যোগত জেনচেন হুয়াঙক চিইঅ’ পদৰ পৰা অপসাৰণ কৰি নতুন চিইঅ’ নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। ৮ নৱেম্বৰত জেনচেন হুয়াঙে কোম্পানীটোৰ কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা ইমেইলযোগে এলিছ হুয়াঙৰ সৈতে তেওঁৰ সম্পৰ্ক স্বীকাৰ কৰিছিল। তেতিয়াৰ পৰাই এই বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে।
প্ৰতিবেদন অনুসৰি এই বিতৰ্কৰ বাবে এনভিডিয়াৰ বজাৰ মূল্য প্ৰায় ৬০০ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। ফলত বিশ্বৰ অন্যতম বৃহৎ প্ৰযুক্তি কোম্পানী এনভিডিয়া আৰু ইয়াৰ নেতা জেনচেন হুয়াঙক লৈ নতুন অনিশ্চয়তাৰ সৃষ্টি হৈছে।





