আঠ বছৰ পূৰ্বে সংঘটিত হোৱা ‘চেণ্ডপেপাৰগেট’ কাণ্ড ক্ৰিকেটৰ অন্যতম কলংকিত অধ্যায়। অৱশ্যে কেপ টাউন টেষ্টৰ বল টেম্পাৰিং কেলেংকাৰীয়ে পুনৰবাৰ ক্ৰিকেট জগত উত্তাল কৰি তুলিছে। নতুনকৈ প্ৰকাশিত আত্মজীৱনী ‘ছবৰ’ত ইটোৰ পিছত সিটো বিস্ফোৰণ ঘটাইছে উছমান খোৱাজাই। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অ’পেনাৰগৰাকীৰ কথাই জোকাৰি গৈছে ক্ৰিকেট অষ্ট্ৰেলিয়া।
এনে পৰিস্থিতিত প্ৰথমবাৰৰ বাবে ধৰা পৰিছে অষ্ট্ৰেলিয়াৰ টেষ্ট অধিনায়ক পেট কামিন্স। জানিব পৰা মতে, ‘চেণ্ডপেপাৰগেট’ বিতৰ্কত খোৱাজাৰ অভিযোগৰ তেওঁ প্ৰত্যুত্তৰো দিব। কিন্তু তাৰ আগতে পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ পৰিল কামিন্স।
অষ্ট্ৰেলিয়াৰ এটা আগশাৰীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ভিডিঅ’ ফুটেজত ৩৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ছিডনীৰ ৰাজপথত কাজিয়াত লিপ্ত হোৱা দেখা গৈছে। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন খেলৰ এদিনীয়া শৃংখলা শুকুৰবাৰৰ পৰা (১২ নৱেম্বৰ) আৰম্ভ হ’ব।
অৱশ্যে কামিন্সক এই শৃংখলাত বাবে জিৰণি দিয়া হৈছে। বৰ্তমান তেওঁ পৰিয়ালৰ সৈতে ছিডনীত আছে। অষ্ট্ৰেলিয়াৰ ব’ৰ্ডে তেওঁক জিৰণি দিয়াৰ সিদ্ধান্ত লৈছে যাতে তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে চাৰিখন মেচৰ টেষ্ট শৃংখলাৰ বাবে উজ্জীৱিত হৈ উঠিব পাৰে। কিন্তু খেলপথাৰত কঠিন যুঁজৰ সন্মুখীন হোৱাৰ পূৰ্বে কামিন্সে পাৰিবাৰিক ‘প্ৰত্যাহ্বান’ৰ সন্মুখীন হৈছে।
প্ৰকাশ পোৱা ভিডিঅ’টোত কামিন্সে পত্নী বেকীৰ সৈতে এটা বাসগৃহত প্ৰৱেশ কৰা দেখা গৈছে। তাৰকা দম্পতীয়ে কথা পাতি আছিল। এই সময়ত কামিন্স আৰু পত্নীক যথেষ্ট আক্ৰমণাত্মকভাৱে কথা পতা দেখা যায়। অৱশ্যে অষ্ট্ৰেলিয়াৰ অধিনায়কজন শান্ত হৈ আছিল।
এনে দৃশ্য দেখি বহুতে কৈছে, তেন্তে আঠ বছৰ পূৰ্বে বল টেম্পাৰিং কাণ্ডক লৈ দুয়োৰে মাজত তৰ্ক হৈছিল নেকি? অৱশ্যে এই ভিডিঅ’ ভাইৰেল হোৱাৰ এঘণ্টাৰ পাছত বেকীয়ে ইনষ্টাগ্ৰামত এখন পাৰিবাৰিক ফটোও পোষ্ট কৰে। কেপচনত লিখা আছিল ‘মাই লাভ’। তাৰকা দম্পতীৰ উপৰিও তেওঁলোকৰ কন্যা এডিথকো ছবিখনত দেখা গৈছিল। যাৰ বয়স ডেৰ বছৰ। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত জন্ম এডিথৰ। বেকী আৰু কামিন্সৰ পুত্ৰ সন্তানো আছে। ২০২১ চনৰ অক্টোবৰ মাহত জন্ম হৈছিল আলবীৰ।
Even Pat Cummins is just another husband in front of his wife. My brother is looking terrified af.😭😭😭😭 https://t.co/zSN3YvZFEY
— Rajiv (@Rajiv1841) November 12, 2026
ইপিনে, অষ্ট্ৰেলিয়াৰ সময় অনুসৰি শুকুৰবাৰে পুৱাই কামিন্সে ছেণ্ডপেপাৰগেটৰ বিষয়ে মুখ খুলিব। তেওঁ উছমান খোৱাজাৰ অভিযোগৰ উত্তৰ দিব। ছিডনীস্থিত ক্ৰিকেট নিউ চাউথ ৱেলছৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতিব অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীয়ে।
উল্লেখ্য যে আঠ বছৰ পূৰ্বে কেপ টাউন টেষ্টৰ বল টেম্পাৰিং কেলেংকাৰীয়ে ক্ৰিকেট জগতত নতুনকৈ আলোড়নৰ সৃষ্টি কৰিছে। প্ৰতিদিনে নতুন নতুন তথ্য চৰ্চালৈ আহিছে। কিছুদিন পূৰ্বে উছমান খোৱাজাই দাবী কৰিছিল যে অষ্ট্ৰেলিয়াৰ দলৰ প্ৰায় সকলোৱেই এই বল টেম্পাৰিং কাণ্ডৰ বিষয়ে জানিছিল। অৱশ্যে এই ঘটনাৰ দায়িত্ব ডেভিদ ৱাৰ্নাৰ, ষ্টিভ স্মিথ আৰু কেমেৰন বেনক্ৰফ্টৰ ওপৰত জাপি দিয়া হয়। এতিয়া সেই অভিযোগৰ উত্তৰত কামিন্সে কি কয় সেয়া লক্ষ্যনীয় হৈ পৰিছে।


