গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ, বিশিষ্ট বিজ্ঞানী তথা লেখক ড° ৰুবুল মাউতৰ ‘বিজ্ঞানৰ পৰা সমাজলৈ: দায়িত্ব আৰু সপোনৰ এটি বাট’ শীৰ্ষক এক বিশেষ বক্তৃতা অনুষ্ঠিত হয়। বক্তৃতাটিত বিজ্ঞান, মানৱতা, সামাজিক দায়বদ্ধতা আৰু জীৱনৰ লক্ষ্য সম্পৰ্কে তেখেতে গভীৰ আৰু অনুপ্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়।
নিজৰ বক্তৃতাত ড° মাউতে কেন্সাৰ সম্পৰ্কীয় এখন চিঠিৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ কথা স্মৰণ কৰাৰ লগতে ‘মাউত লেব’ৰ অভিজ্ঞতা আৰু কৰ্মযাত্ৰাৰ বিভিন্ন উল্লেখযোগ্য কাহিনী দাঙি ধৰে। বিজ্ঞানৰ প্ৰকৃত উদ্দেশ্য কেৱল নতুন জ্ঞানৰ সৃষ্টি কৰাতে সীমাবদ্ধ নহয়, বৰং সেই জ্ঞানক মানৱ কল্যাণ আৰু সমাজৰ উন্নয়নৰ হকে প্ৰয়োগ কৰাতহে নিহিত হৈ আছে বুলি তেখেতে মত প্ৰকাশ কৰে।
তেওঁ উল্লেখ কৰে যে, “বিজ্ঞানৰ যাত্ৰা কেৱল আৱিষ্কাৰ আৰু উদ্ভাৱনৰ যাত্ৰা নহয়। ই মানৱতা, দায়িত্ববোধ আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰো এক যাত্ৰা। মানৱীয় প্ৰমূল্যবোধ অটুট ৰাখি পদাৰ্থ বিজ্ঞান, গণিত আৰু অন্যান্য জ্ঞানৰ মাধ্যমৰে আমি আমাৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব লাগিব।”
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ড° ৰুবুল মাউতৰ গৌৰৱোজ্জ্বল কৰ্মযাত্ৰা, বৈজ্ঞানিক অৱদান আৰু কৃতিত্বৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, “ড° ৰুবুল মাউতৰ কৰ্মযাত্ৰা আৰু সফলতা আমাৰ বাবে গৌৰৱৰ বিষয়। তেওঁৰ অভিজ্ঞতা, চিন্তা-চৰ্চা আৰু জ্ঞানৰ পৰা আমাৰ শিক্ষাৰ্থী আৰু গৱেষকসকল যথেষ্ট উপকৃত হ’ব। ভৱিষ্যত দিনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত হ’ব বুলি আমি আশাবাদী।”
উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, গৱেষক শিক্ষাৰ্থী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।





