• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

সংসদৰ নিম্ন সদন ৫৪৩ জনীয়া লোকসভাত বৰ্তমান তিনিখন আসন খালী হৈ আছে। এনে পৰিস্থিতিত সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ চৰকাৰক ৩৬১টা ভোটৰ প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2026 8:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰৱৰ্তী লোকসভা নিৰ্বাচন ২০২৯ চনত। অৰ্থাৎ আৰু বেছি দিন বাকী নাই। তাৰ আগেয়ে দেশত ৩৩ শতাংশ মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰিবলৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। আৰু সেই লক্ষ্যত উপনীত হ’বলৈ কেন্দ্ৰই সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰাৰ পৰিকল্পনা কৰিছে।

এটা সৰ্বভাৰতীয় সংবাদ সংস্থাৰ মতে, মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ সাংবিধানিক সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে এই বিশেষ অধিৱেশনৰ প্ৰস্তুতি চলি আছে।

চৰকাৰী সূত্ৰই জনোৱা মতে, প্ৰস্তাৱিত বিধেয়কখন গৃহীত কৰিবলৈ প্ৰয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা বা যাদুকৰী সংখ্যা সহজে পাৰ হ’ব বুলি চৰকাৰ আত্মবিশ্বাসী। কেন্দ্রৰ হিচাপ অনুসৰি প্রয়োজনীয় সংখ্যাতকৈ ১৫ৰ পৰা ১৮টা অধিক ভোট লাভ কৰি বিধেয়কখন গৃহীত হ’ব৷ অৱশ্যে এই বিশেষ অধিবেশন কেতিয়া অনুষ্ঠিত হ’ব বা কিমান দিনলৈ চলিব সেই সন্দৰ্ভত এতিয়াও কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই।

Apply Now

সংসদৰ নিম্ন সদন ৫৪৩ জনীয়া লোকসভাত বৰ্তমান তিনিখন আসন খালী হৈ আছে। এনে পৰিস্থিতিত সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ চৰকাৰক ৩৬১টা ভোটৰ প্ৰয়োজন।

এই প্ৰস্তাৱিত সংশোধনী বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে আসন পুনৰ বিন্যাস বা সীমা নিৰ্ধাৰণৰ জৰিয়তে বৰ্তমানৰ ৫৪৩খন আসনৰ পৰা ৮৫০খনলৈ (লোকসভাৰ ৮৫০খন আসনৰ সীমা নিৰ্ধাৰণ) সৰ্বাধিক লোকসভাৰ আসন বৃদ্ধি কৰা। লোকসভাৰ আসন এই বৃদ্ধিয়ে সংসদ আৰু দেশৰ সকলো ৰাজ্য বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ পথ মুকলি কৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৭ এপ্ৰিলত বাজেট অধিবেশনৰ এক বিশেষ বৈঠকত অনুৰূপ সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল যদিও বিধেয়কখনে প্ৰয়োজনীয় সংখ্যক ভোট লাভ কৰিব নোৱাৰাৰ বাবে লোকসভাত গৃহীত হ’ব পৰা নাছিল।

সংসদীয় নিয়ম অনুসৰি এতিয়াই চৰকাৰে অতি কম সময়ৰ ভিতৰতে সংসদৰ অধিৱেশন আহ্বান কৰাটো সম্ভৱ হৈ উঠিছে। ইয়াৰ আঁৰত এটা ডাঙৰ কৌশলগত কাৰণ আছে।  ১৩ আগষ্টত সংসদৰ বৰ্ষাকালীন অধিৱেশন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছিল যদিও আনুষ্ঠানিকভাৱে অধিৱেশন শেষ হোৱা বুলি ঘোষণা কৰা হোৱা নাই।

২০০৮ চনত ৮৭ দিনৰ পুৰণি অভিলেখ অতিক্ৰম কৰি আনুষ্ঠানিকভাৱে সমাপ্ত নোহোৱাকৈ প্ৰায় ৯১ দিন ধৰি অধিৱেশনখন মুকলি কৰি ৰখা হৈছে।নিয়ম অনুসৰি চলি থকা অধিবেশনৰ বৰ্ধিত বৈঠক আহ্বান কৰিবলৈ মাত্ৰ দুদিনৰ জাননীয়ে যথেষ্ট। আনহাতে, সম্পূৰ্ণ নতুন অধিবেশন আহ্বান কৰিবলৈ কমেও ১৪ দিনৰ আগতীয়া জাননী দিব লাগিব। চৰকাৰে বৰ্ষাকালীন অধিৱেশন আনুষ্ঠানিকভাৱে সমাপ্ত নকৰাৰ সিদ্ধান্তই ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল যে চৰকাৰে বিশেষ বা বৰ্ধিত অধিৱেশন আহ্বান কৰি গুৰুত্বপূৰ্ণ সংশোধনী বিধেয়ক আনিব পাৰে।

সাংবিধানিক বিশেষজ্ঞসকলৰ মতে, অনিৰ্দিষ্টকাল স্থগিত ৰখাৰ পিছত অধিৱেশনৰ সমাপ্তি ঘোষণা কৰাৰ কোনো নিৰ্দিষ্ট সময়সীমা সংবিধানত নাই। সেয়ে অধিৱেশনখন দীৰ্ঘদিন ধৰি খোলা ৰাখিলে কোনো সাংবিধানিক বা পদ্ধতিগত নিয়ম উলংঘা হোৱা নাছিল।

২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মহিলা সংৰক্ষণ আইনখন কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰই চেষ্টা চলাইছে। অৱশ্যে আসন পুনৰ আবণ্টন বা সীমা নিৰ্ধাৰণক লৈ দক্ষিণৰ ৰাজ্যসমূহৰ দীৰ্ঘদিনীয়া উদ্বেগ দূৰ কৰিবলৈ এক বিশেষ সূত্ৰৰ কথা বিবেচনা কৰা হৈছে। চৰকাৰৰ এই প্ৰস্তাৱ অনুসৰি দেশৰ সকলো ৰাজ্যৰ লোকসভাৰ আসন সমানুপাতিকভাৱে ৫০ শতাংশ বৃদ্ধি কৰিব যাব পাৰে।

জানিব পৰা মতে, পূৰ্বৰ বিধেয়কখনৰ আধাৰত নতুন খচৰা বিধেয়কখনে ১৯৭১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যসমূহৰ মাজত বৰ্তমানৰ আসনৰ অনুপাত অপৰিৱৰ্তিত ৰখাৰ প্ৰস্তাৱ দিব পাৰে। অৱশ্যে চৰকাৰী সূত্ৰই জনোৱা মতে, বৰ্তমান বিবেচনাধীন বিকল্পসমূহৰ ভিতৰত এয়া মাত্ৰ এটা বিকল্প আৰু এই বিষয়ত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

সামগ্ৰিকভাৱে এই প্ৰস্তাৱিত বিশেষ অধিবেশনৰ মূল উদ্দেশ্য হৈছে লোকসভাৰ দিন বৃদ্ধি কৰি প্ৰয়োজনীয় সংখ্যা সংগ্ৰহ কৰা আৰু মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰা। কিন্তু কেন্দ্রীয় চৰকাৰে অধিৱেশনৰ চূড়ান্ত সময়সূচী আৰু নতুন সংশোধনী বিধেয়কখনৰ চর্তসমূহ চূড়ান্ত কৰা নাই৷

উল্লেখ্য যে কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী দলসমূহে প্ৰস্তাৱিত ‘সীমা নিৰ্দ্ধাৰণ বিধেয়ক’ আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ সৈতে মহিলা সংৰক্ষণক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে কৈছে যে সংসদ আৰু ৰাজ্যিক বিধানসভাত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ উপৰিও ৩৩ শতাংশ মহিলা কোটা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ ‘সীমা নিৰ্দ্ধাৰণ’ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

ইপিনে, বিৰোধী দলসমূহৰ মূল দাবী হৈছে বৰ্তমানৰ সংসদীয় আসনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি তৎকালীনভাৱে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ প্ৰৱৰ্তন কৰা উচিত। তেওঁলোকৰ মতে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত যদি সীমা নিৰ্ধাৰণ কৰা হয় তেন্তে উত্তৰ ভাৰতৰ ৰাজ্যসমূহে লাভৱান হ’ব, কাৰণ তাত জনসংখ্যা বৃদ্ধিৰ হাৰ দক্ষিণৰ ৰাজ্যতকৈ বহু বেছি। ফলত দক্ষিণ ভাৰতৰ ৰাজনৈতিক প্ৰতিনিধিত্ব সংকুচিত হ’ব। এই সন্দৰ্ভত যোৱা এপ্ৰিল মাহত বিশেষ অধিৱেশনত ১৩১ সংখ্যক সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰাৰ প্ৰয়াস কৰা হৈছিল যদিও সেয়া ব্যৰ্থ হয়।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

November 12, 2026 8:45 pm
এনভিডিয়াৰ জেনচেন হুয়াঙৰ কিমান পৰকীয়া! এইবাৰ নিজৰ কোম্পানীৰ মহিলা বিষয়াৰ সৈতে অন্তৰংগ মুহূৰ্তত

এনভিডিয়াৰ জেনচেন হুয়াঙৰ কিমান পৰকীয়া! এইবাৰ নিজৰ কোম্পানীৰ মহিলা বিষয়াৰ সৈতে অন্তৰংগ মুহূৰ্তত

November 12, 2026 8:06 pm
বিজ্ঞানৰ পৰা সমাজলৈ: দায়িত্ব আৰু সপোনৰ এক অনন্য যাত্ৰা; গুৱাহাটী বিশ্ববিদ্যালয়ত ড⁰ ৰুবুল মাউতৰ মনোগ্ৰাহী বক্তৃতা

বিজ্ঞানৰ পৰা সমাজলৈ: দায়িত্ব আৰু সপোনৰ এক অনন্য যাত্ৰা; গুৱাহাটী বিশ্ববিদ্যালয়ত ড⁰ ৰুবুল মাউতৰ মনোগ্ৰাহী বক্তৃতা

November 12, 2026 7:01 pm
ভুৱা আদালতৰ নিৰ্দেশত বন্ধ ১২৯টা ৱেবছাইট! কেনেকৈ নকল কৰিলে উচ্চ ন্যায়ালয়ৰ ছীল আৰু স্বাক্ষৰ?

ভুৱা আদালতৰ নিৰ্দেশত বন্ধ ১২৯টা ৱেবছাইট! কেনেকৈ নকল কৰিলে উচ্চ ন্যায়ালয়ৰ ছীল আৰু স্বাক্ষৰ?

November 12, 2026 6:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

November 12, 2026 8:45 pm
এনভিডিয়াৰ জেনচেন হুয়াঙৰ কিমান পৰকীয়া! এইবাৰ নিজৰ কোম্পানীৰ মহিলা বিষয়াৰ সৈতে অন্তৰংগ মুহূৰ্তত

এনভিডিয়াৰ জেনচেন হুয়াঙৰ কিমান পৰকীয়া! এইবাৰ নিজৰ কোম্পানীৰ মহিলা বিষয়াৰ সৈতে অন্তৰংগ মুহূৰ্তত

November 12, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd