NORTHEAST NOW (Assamese)
Popular Stories

মণিপুৰত পুনৰ অস্থিৰতা! কুকি গোষ্ঠীৰ স্বঘোষিত কামাণ্ডাৰ দুস্কৃতিকাৰীক হত্যা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 2, 2024 6:45 pm

মণিপুৰত হিংসাৰ অন্ত নাই। মঙলবাৰে গভীৰ নিশা চুৰাচান্দপুৰৰ লেইছাং ৰক্তাক্ত হৈ পৰে। তাতে আক্রমণকাৰীয়ে গুলীয়াই হত্যা কৰে সশস্ত্ৰ কুকি গোটৰ এজন স্বঘোষিত কামাণ্ডাৰক। বুধবাৰে পুৱাই তেওঁৰ গুলীবৃদ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়। গভীৰ নিশাৰ এই আক্ৰমণ কোনে সংঘটিত কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মঙলবাৰৰ পৰা আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন। ইম্ফল, বিষ্ণুপুৰ, জিৰিবাম, লামফেলকে ধৰি ১৯টা থানা এলেকাৰ বাহিৰে সমগ্ৰ ৰাজ্যত এই আইনখন বৃদ্ধি কৰা হৈছে। উগ্ৰপন্থী সংগঠনসমূহে হিংসাত্মক কাৰ্যকলাপ অব্যাহত ৰখাৰ সময়তে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ মাজতে নতুন হিংসাৰ খবৰ আহিল।

চুৰাচান্দপুৰৰ লেইছাঙত কমাণ্ডাৰক আক্ৰমণ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ‘সেখহোহাও’ নামেৰে পৰিচিত লোকজন কাপ্ৰাং গাঁৱৰ বাসিন্দা। নিহত যুৱকজন সংযুক্ত কুকি ৰাষ্ট্ৰীয় সেনাবাহিনীৰ সদস্য আছিল। বুধবাৰে পুৱা চুৰাচান্দপুৰৰ টৰবুং বাংলোৰ পৰা উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ।

শেহতীয়াকৈ মণিপুৰত দুটা গোটৰ মাজত ৰকেট আৰু ড্ৰ’ন আক্ৰমণৰ সংঘৰ্ষ হৈছিল। পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিল। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰে যে মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে। কুকি আৰু মেইটেইৰ সৈতে আলোচনা চলি আছে। আনহাতে, মণিপুৰ কংগ্ৰেছে দাবী কৰিছে যে ৰাজ্যত হিংসা আৰু অশান্তি অব্যাহত আছে। কুকি আৰু মেইটেইৰ মাজত আলোচনাৰ কোনো প্ৰমাণো পোৱা নাযায়।