NORTHEAST NOW (Assamese)
Popular Stories

জনজাতীয় লোকক উচ্ছেদ কৰি সেউজভূমি ডিমা হাচাওৰ মাটি পুঁ‌জিপতি আদানিক লুণ্ঠনৰ বাবে গোটাই দিয়া বন্ধ কৰকঃ ডিৱাইএফআই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 3, 2024 9:06 pm

জনজাতীয় লোকৰ জীৱন-জীৱিকা আৰু সংস্কৃতিত তথা পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি পুঁ‌জিপতি আদানিৰ চিমেন্ট কোম্পানীৰ নামত ডিমা-হাচাও জিলাৰ সেউজ ভূমিত ৯ হাজাৰ বিঘা মাটি এৰি দিয়া কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু জনজাতি বেষ্টনীৰ মাটি পুঁ‌জিপতিক দিয়াৰ সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

ইতিমধ্যে প্ৰশাসনে ৯ খন জনজাতীয় গাঁ‌ৱলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। এয়া অত্যন্ত দুখজনক ঘটনা। উচ্ছেদৰ জাননী প্ৰত্যাহাৰ কৰিবলৈও ডি ৱাই এফ আইয়ে দাবী জনাইছে। কথাই প্ৰতি জনজাতি প্ৰেম আৰু পৰিৱেশ সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতেই যে ডিমা-হাচাও স্বায়ত্ব শাসিত পৰিষদখনে আদানিক বৃহৎ পৰিমানৰ ভূমি এৰি দিব ওলাইছে সেয়া স্পষ্ট।

সংৰক্ষিত জনজাতীয় এলেকাৰ বৃহৎ ভূমি এনেকৈ পুঁ‌জিপতিৰ মুনাফাৰ বাবে এৰি দিলে সংশ্লিষ্ট জনজাতি সকলৰ জীৱন-জীৱিকা আৰু সংস্কৃতিৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিব। সম্প্ৰতি পৰিৱেশ প্ৰদূষণ আৰু জলবায়ু সংকটে ভয়াবহ ৰূপ লোৱাৰ সময়তে চৰকাৰৰ এনে সিদ্ধান্তই অঞ্চলটোৰ সাধাৰণ জনজাতীয় লোকক শংকিত কৰি তোলাৰ লগতে ৰাজ্যৰ সচেতন নাগৰিক, পৰিৱেশবিদ, পৰিৱেশৰ লগত জড়িত সংস্থাকে ধৰি ৰাজ্যৰ দল-সংগঠনক ক্ষুব্ধ কৰি তুলিছে।

এফালে কোটি কোটি টকা খৰচ কৰি গছ পুলি ৰোপণ কৰি বিৰাট পৰিৱেশ সুৰক্ষাৰ কথা কই ফুৰিছে আনফালে ৰাজ্যৰ সেউজ ভূমি লুণ্ঠনৰ বাবে এৰি দিছে। চিমেণ্ট কোম্পানীসমূহে বৃহৎ মাত্ৰাত প্ৰদূষণ সৃষ্টি কৰে। আদানিৰ বৃহৎ চিমেণ্ট কোম্পানী প্ৰতিষ্ঠা কৰিবলৈ হ’লে অঞ্চলটো প্ৰদূষণে চানি ধৰিব। এনে ভয়াবহ সকলোবোৰ দিশ জনাৰ পাছতো চৰকাৰে এনেদৰে সংৰক্ষিত এলেকাৰ ৯ হাজাৰ বিঘা মাটি লুণ্ঠনৰ বাবে এৰি দিব বিচৰাটো গভীৰ ৰহস্যৰ বিষয়। চৰকাৰৰ এনে জনজাতি বিৰোধী আৰু পৰিৱেশ বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সৰ্বস্তৰৰ ৰাইজলৈও ডি ৱাই এফ আইয়ে আহ্বান জনাইছে।