NORTHEAST NOW (Assamese)
Popular Stories

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তথৈবচ অৱস্থা! যোৰহাটৰ পৰা জাঁজীলৈ লোৱা যাত্ৰীক বিকল্প পথৰ নিৰ্দেশনা গুগল মেপৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 4, 2024 7:57 pm

যোৰহাটৰ পৰা জাঁজীলৈ যোৱা পথৰ দিশ গুগল মেপত সন্ধান কৰাৰ সময়ত এতিয়া যাত্ৰীসকলে সজাগ হোৱাটো প্ৰয়োজন। অসমৰ যোৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুখজনক অৱস্থাৰ বাবে এতিয়া এপটোৱে বিকল্প পথৰ পৰামৰ্শ আগবঢ়াইছে।

গুগল মেপে এতিয়া মৰিয়নী-আমগুৰি বা যোৰহাট-লাহদৈগড়-ৰাজৈ-বাদুলিপুখুৰী পথেৰে জাঁজীলৈ যোৱাৰ পৰামৰ্শ দিয়ে।

উল্লেখ্য যে যোৰহাটৰ পৰা লাহদৈগড়-কাকজান-টীয়ক হৈ জাঁজীলৈ যোৱা পোনপটীয়া পথটো এতিয়া গুগল মেপত প্ৰদৰ্শিত নহয়, ইয়াৰ পৰা বুজা যায় যে এই ৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই অংশ যাত্ৰাৰ বাবে অনুপযোগী হৈ পৰিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাতি বহু বাহন পথৰ দ গাঁতত আবদ্ধ হৈ পৰে যাৰ ফলত যাতায়তৰ যান-জঁটৰ সৃষ্টি হয় আৰু যাত্ৰীসকলৰ বাবে ভয়াৱহ অসুবিধাৰ সৃষ্টি হয়।

তদুপৰি দগাঁও, বাগান তিনিআলি, চটাই, আৰু হাতীগড়ত নতুনকৈ নিৰ্মিত পি ইউ পিৰ কাষৰ সেৱা পথসমূহো যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে। গুগল মেপে এই পথসমূহ ৰঙা ৰঙেৰে চিহ্নিত কৰি বিপদজনক পৰিস্থিতিৰ সতৰ্কবাণী দিয়ে। এই ষ্ট্ৰেচৰ দুয়োখন লেনতে যান-বাহনৰ চলাচল যিকোনো সময়তে সম্পূৰ্ণ স্তব্ধ হৈ পৰাৰ সম্ভাৱনা বাঢ়িছে, যাৰ ফলত উজনি আৰু নামনি অসমৰ সংযোগত যথেষ্ট ব্যাঘাত জন্মিব।