NORTHEAST NOW (Assamese)
Popular Stories

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ফলাফল ঘোষণা! সাধাৰণ সম্পাদক,সভাপতিকে ধৰি ৭ টা পদত ছাত্ৰ মুক্তি সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 4, 2024 8:32 pm

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নির্বাচনত সভাপতি, সাধাৰণ সম্পাদককে ধৰি ৭টা পদত জয়লাভ ছাত্র মুক্তি সংগ্রাম সমিতি সমর্থিত প্ৰাৰ্থীৰ৷

মহেন্দ্রনাথ ডেকা ফুকন ছাত্রাবাস, শ্বহীদ কনকলতা ছাত্রী নিবাস আৰু ড° কমলা ৰয় ছাত্রী নিবাসৰ পৰা ক্ৰমে সভাপতি পদত জুবেৰ হাবিব, সাধাৰণ সম্পাদক পদত নীৰৱ হাজৰিকা, সহ সাধাৰণ সম্পাদক পদত মুনমী তালুকদাৰ, তর্ক সম্পাদক পদত গীতাৰ্থ বৰা, সাংস্কৃতিক সম্পাদক পদত নীলাঞ্জনা বৰা, সংগীত বিভাগৰ পদত একতা হাজৰিকা, সমাজ সেৱা পদত নূপুৰ কাশ্যপৰ জয়লাভ৷

ৰজনীকান্ত বৰদলৈ ছাত্রাবাস আৰু নলিনীবালা দেৱী ছাত্রী নিবাসৰ সমর্থনত ক্রমে-উপ সভাপতি পদত নিলাক্ষী কাকতি, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত কনকন জ্যোতি ৰায়, ছাত্রী জিৰণি কোঠা সম্পাদক পদত দিম্পী ডেকা, ফুটবল সম্পাদক পদত ৰাজদীপ কলিতা, এথলেটিক্স সম্পাদক পদত ডেনিয়েল চাংমায়ে জয়লাভ কৰে৷