NORTHEAST NOW (Assamese)
অসম

বতৰে গেলাব দুৰ্গা পূজাৰ আনন্দ! ধাৰাবাহিক বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 5, 2024 12:45 pm

দীৰ্ঘদিনীয়া উৎকট গৰম আৰু খৰাঙৰ পিছত এতিয়া ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতেই ধাৰাবাহিক বৰষুণ। ৰ’দৰ কোনো দেখা দেখি নাই। দুদিন পিছতেই আৰম্ভ হ’ব শাৰদীয় উৎসৱ দুৰ্গাপূজা। সমগ্ৰ ৰাজ্য সাজু হৈছে মা দুৰ্গা গোসানীক আদৰিবলৈ।

ইয়াৰ মাজতে বতৰে চিন্তাত পেলাইছে উৎসৱৰ বাবে সাজু হৈ থকা ৰাইজক। বতৰ বিজ্ঞান কেন্দ্ৰইয়ো প্ৰকাশ কৰিছে দুৰ্গাপূজাৰ দিনকেইটাতো ৰাজ্যত অব্যাহত থাকিব ধাৰাবাহিক বৰষুণ।

বংগ উপসাগৰৰ সৃষ্টি হোৱা সম্ভাৱ্য ঘূৰ্ণীবতাহৰ বাবে বিভিন্ন চুবুৰীয়া ৰাজ্যৰ লগতে অসমতো দীৰ্ঘদিনলৈ প্ৰবল বৰষুণ হ’ব।

ইতিমধ্যে অসমৰ একাধিক জিলাৰ বাবে হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে, আনহাতে শোণিতপুৰ আৰু নগাঁৱত কমলা ৰঙৰ সতৰ্কতা জাৰি কৰা হৈছে। সম্ভাৱনাময় বান পৰিস্থিতিৰ প্ৰতিও ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান বিভাগে।