শিৱসাগৰৰ ঐতিহাসিক দেৱী দ’লৰ পূজাত ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন; এসময়ত দেৱী দ’লত নেগেৰা ঢাক বজোৱা দৌল্লা পৰিয়ালক মহা অষ্টমীৰ প্ৰসাদ প্ৰদান

আজিৰ দিনটোৰ লগত সংগতি ৰাখি এক ঐতিহাসিক সম্প্ৰীতিৰ স্বাক্ষৰ অনুষ্ঠান সম্পন্ন হয়।আজি দেৱী দৌলৰ চৌহদত শিৱসাগৰৰ পুৰণি মুছলমান দৌল্লা পৰিয়ালক মহা অষ্টমীৰ প্ৰসাদৰ শৰাই আগবঢ়োৱা হয়।ইয়াৰ লগতে আহোম ৰাজশাসনৰ বিষয়া কণচেং বৰপাত্ৰ গোঁহাইৰ পৰিয়ালকো এই শৰাই প্ৰদান কৰা হয়।
দেৱী দ’লৰ পৰা মুছলমান পৰিয়াললৈ প্ৰদান কৰা এই সম্প্ৰীতিৰ উদাহৰণৰ এক সোণসেৰীয়া ইতিহাস আছে।আহোম স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকাই কলঞ্চুপৰীয়া গাঁৱত এটি বৃহৎ পুখুৰী খন্দাৰ লগতে তিনিটা দ’লা বন্ধাইছিল।ইয়াৰে দেৱী দ’লত তেতিয়াৰ পৰাই মুছলমান দৌল্লা পৰিয়ালৰ লোকে দেৱী অৰ্চনাৰ সময়ত নেগেৰা-ঢাক বজাইছিল।তেওঁলোকক এক ধৰ্ম নিৰপেক্ষ উপাসনা প্ৰক্ৰিয়াৰ অংশ কৰা হৈছিল।ইয়াৰ দ্বাৰা প্ৰতিফলিত হৈছিল আহোম ৰাজত্বৰ সময়ৰ ধৰ্মীয় সম্প্ৰীতি।
যদিও সময়ৰ লগত দৌল্লা পৰিয়ালৰ দেৱী দ’লত নেগেৰা-ঢাক বজোৱাৰ পৰম্পৰা বন্ধ হ’ল তথাপিও তেওঁলোকৰ অংশীদাৰিক সন্মান জনাই দুৰ্গা পূজাৰ অষ্টমীৰ প্ৰসাদ দেৱী দ’লৰ পৰা দৌল্লা পৰিয়াললৈ আগবঢ়াই অহা হৈছে।লগতে কণচেং বৰপাত্ৰ গোঁহাই পৰিয়ালকো অষ্টমীৰ এই প্ৰসাদ প্ৰদান কৰা হয়।