NORTHEAST NOW (Assamese)
অসম

ক্ষুধাৰ তাড়নাত বোমা-বাৰুদৰ অৱশিষ্ট বুটলিবলৈ গৈ মৃত্যুক সাবটিলে আলবিনাচে

Posted by: দীপক কুমাৰ পাঠক July 3, 2018 7:29 am
Para_commando_weapon_aim

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলা আৰক্ষী চকীৰ অন্তৰ্গত পাহাৰপুৰৰ শুকানজুলি ফায়াৰিং ৰেঞ্জটো বৰ্তমান পৰ্যবসিত হৈছে মৃত্যু উপত্যকালৈ। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ এই ফায়াৰিং ৰেঞ্জত সেনা বাহিনী, অৰ্ধ সামৰিক বাহিনী, আৰক্ষীৰ গোলা-বাৰুদৰ প্ৰশিক্ষণ সঘনাই চলি থাকে।

এই শুকানজুলি ফায়াৰিং ৰেঞ্জটোৰ ওচৰ-পাজৰৰ পাহাৰপুৰ, দৰঙা মেলা, পাটকীজুলি, হৰতোলাকে ধৰি সমীপৱৰ্তী  কেইবাখনো গাঁৱৰ দুখীয়া পুৰুষ, মহিলা, যুৱক-যুৱতী, কিশোৰ-কিশোৰী, কণ-কণ ছাত্র-ছাত্ৰীকে ধৰি বিভিন্ন লোকে জীৱিকাৰ সন্ধান উলিয়াই এই ফায়াৰিং ৰেঞ্জটোত। এই ৰেঞ্জটোত বিভিন্ন সময়ত অঘটনো সংঘটিত হৈছে।

২জুলাই সোমবাৰেও এই শুকানজুলি ফায়াৰিং ৰেঞ্জত ঘটে এক অঘটন। সোমবাৰে আবেলি ফায়াৰিং ৰেঞ্জত গোলা-বাৰুদৰ প্ৰশিক্ষণ চলি থকাৰ সময়তেই গোলা-বাৰুদৰ অৱশিষ্ট অংশ সংগ্ৰহ কৰিবলৈ বিভিন্ন গাঁৱৰ পৰা অহা লোকৰ লগতে হৰতোলা গাঁৱৰ ডেনিয়েল টুডুৰ ২৩ বছৰীয়া পুত্ৰ আলবিনাচ  টুডুও গৈছিল শুকানজুলি ফায়াৰিং ৰেঞ্জলৈ।

সেনাবাহিনীৰ নিয়মিত প্ৰশিক্ষণ চলি থকাৰ সময়তে হঠাৎ বিস্ফোৰণ ঘটা বাৰুদৰ স্পিণ্টাৰ টুকুৰা চিটিকি আহি আলবিনাচৰ মুৰত পৰে। ফলত গুৰুতৰ ভাবে আহত হোৱা  আলবিনাচক লগে লগে  স্থানীয় ৰাইজে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে যুৱক জনক মৃত বুলি ঘোষণা কৰে। পিছত যুৱক জনৰ মৃতদেহ দৰঙামেলা আৰক্ষী চকীলৈ লৈ অনা হয়।

উল্লেখ্য যে যেতিয়া ফায়াৰিং তথা গোলা-বাৰুদৰ প্ৰশিক্ষণ চলি থাকে তেতিয়া অঞ্চলটোৰ লোকসকলে নিজে সাজি উলিওৱা বাংকাৰত লুকাই প্ৰশিক্ষণ অন্ত পৰাৰ অপেক্ষা কৰি থাকে। ফায়াৰিং বা বিস্ফোৰণৰ অন্ত পৰিলে বাংকাৰৰ পৰা লোকসকল ওলাই আহি গোলা-বৰুদৰ স্প্লিন্টাৰ নাইবা অন্যান্য অৱশিষ্ট অংশ যেনে লো, পিতল, লা, তাম আদিকে ধৰি বিভিন্ন ধাতবীয় অংশ সমূহ সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে।  কিয়নো এই গোলা-বাৰুদৰ অংশ বিশেষ বিক্ৰী কৰি পোৱা ধনেৰে চলে অঞ্চলটোৰ  প্ৰায়বোৰ দুখীয়া পৰিয়াল।

IMG-20180703-WA0000

এনেদৰে বোমা-বাৰুদৰ অংশ সংগ্ৰহ কৰিবলৈ যোৱাটো অতি দুঃসাহসিক। ইতিমধ্যে অঞ্চলটোৰ কণ-কণ ছাত্র-ছাত্ৰী, শিশুকে ধৰি বহু সংখ্যক লোকে বোমা বাৰুদৰ অৱশিষ্ট সংগ্ৰহ কৰিবলৈ গৈ অকালতে প্ৰাণ হেৰুৱাইছে। প্ৰতি বছৰে কিমান লোকৰ মৃত্যু হৈছে তাৰ সঠিক হিচাপ উলিওৱাটো কঠিন। তথাপিও জীয়াই থকাৰ তাড়নাত অঞ্চলটোৰ অতি দুখীয়া লোক সকলে নিজৰ মৃত্যুকো নেওচি নাইবা যিকোনো মুহূৰ্তত মৃত্যু হ’ব পাৰে বুলি জানিও ফায়াৰিং নাইবা গোলা-বাৰুদ-মৰ্টাৰ-গ্ৰেণেড আদিৰ বিস্ফোৰণ চলি থকাৰ সময়তো এনেদৰেই সংগ্ৰহ কৰি আহিছে গোলা-বাৰুদৰ অংশ বিশেষ।

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ গোলা-বাৰুদৰ বিস্ফোৰণৰ প্ৰশিক্ষণথলী শুকানজুলি ফায়াৰিং ৰেঞ্জত নাই কোনো আঁৰ-বেৰ। আঁৰ বেৰ নথকা হেতুকে যিকোনো মানুহেই অনায়াসে প্ৰৱেশ কৰিব পাৰে এই ফায়াৰিং ৰেঞ্জৰ ভিতৰত। ফায়াৰিং চলাৰ সময়ত সেই অঞ্চলটোত প্ৰৱেশ নিষিদ্ধ কৰা হয় যদিও অঞ্চলটোৰ দুখীয়া ৰাইজে ক্ষুধাৰ তাড়নাতেই গোপনে প্রৱেশ কৰে এই পাহাৰখনত।

বিভিন্ন সময়ত সচেতন মহলে এই শুকানজুলি ফায়াৰিং ৰেঞ্জটোত মানুহ সোমাব নোৱাৰাকৈ বেৰ দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাই আহিছে যদিও চৰকাৰে এই ক্ষেত্ৰত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যদি ফায়াৰিং ৰেঞ্জটো এনেদৰেই উন্মুক্ত হৈ থাকে আৰু কিমান নিৰীহ লোকে অনাগত দিনত প্ৰাণ হেৰুৱাব লাগিব তাৰ কোনো নিশ্চয়তা নাই।