NORTHEAST NOW (Assamese)
অসম

দুই মাৰ্কিন গৱেষকলৈ ২০২১ বৰ্ষৰ ফিজিঅ’লজি বা মেডিচিন বিভাগৰ নোবেল বঁটা

Posted by: এন ই নাও নিউজ, গুৱাহাটী October 4, 2021 5:12 pm
Nobel for medicine

সোমবাৰে ২০২১বৰ্ষৰ বাবে ঘোষণা কৰা প্ৰথমটো ফিজিঅ’লজি বা মেডিচিন বিভাগত নোবেল বঁটা লাভ কৰিছে দুই মাৰ্কিন গৱেষকে।

কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ দুগৰাকী গৱেষক ডেভিড জুলিয়াছ আৰু আৰ্ডেম পাটাপ’ছিয়ানে লাভ কৰিছে নোবেল বঁটা।

তাপমাত্ৰা আৰু স্পৰ্শৰ বাবে ৰিছেপ্টৰ আৱিস্কাৰ কৰাৰ স্বীকৃতিস্বৰূপে তেওঁলোকক এই বৰ্ষৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে।

সোমবাৰে নোবেল কমিটিৰ সচিব প্ৰধান থমাছ পাৰ্লমেনে যুটীয়াভাৱে তেওঁলোক দুজনৰ নাম ঘোষণা কৰে।

মাৰ্কিন গৱেষক দুগৰাকীৰ এই আৱিস্কাৰে আগন্তুক দিনত শৰীৰবিদ্যা সম্বন্ধীয় গৱেষণাৰ দিশত যুগান্তকাৰী পথ দেখুৱাব বুলি অনুমান কৰা হৈছে।

কোভিড পৰিস্থিতি গৱেষক দুগৰাকীয়ে নিজ দেশত থাকিয়েই নোবেল বঁটা তথা প্ৰশস্তি পত্ৰ গ্ৰহণ কৰিব পাৰিব।

৫৪ বছৰীয়া আৰ্ডেম পাটাপ’ছিয়ান লেবানন জন্মগ্ৰহণ কৰিছিল আৰু বৰ্তমান তেওঁ কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষক-অধ্যাপক। অধ্যাপকগৰাকীয়ে মলিকুলাৰ বায়’লজি আৰু স্নায়ুবিজ্ঞানক লৈ গৱেষণা কৰিছে।

আনহাতে, ৬৫ বছৰীয়া ডেবিড জুলিয়াছেও মলিকুলাৰ মেকানিজমৰ গৱেষণাত ব্যস্ত। কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এই অধ্যাপকগৰাকীয়ে ২০১০ আৰু ২০২০ চনত জীৱ বিজ্ঞান তথা মেডিচিন বিভাগত শ-প্ৰাইজেৰে সন্মানিত হৈছিল।