NORTHEAST NOW (Assamese)
Popular Stories

চৰম পন্থা বাছি ল’লে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 13, 2024 9:49 am

লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাই শনিবাৰে নিশা চৰম পন্থা বাছি লোৱাৰ কথা প্ৰকাশ পাইছে৷

সূত্ৰ অনুসৰি এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় প্ৰায় ১১:৪৫ বজাত। লখিমপুৰৰ মানৱ ডেকাৰ আৱাসিক কাৰ্যালয়ৰ এটা কোঠাৰ ভিতৰত কল্যাণ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, অসম সচিবালয়ত কৰ্মৰত কল্যাণ ডেকা দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল।

বিশেষকৈ উৎসৱৰ বতৰত সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনাটোক সমাজৰ বহুজনে বিশ্বাসত ল’ব পৰা নাই।আৰক্ষীয়ে এই ঘটনাৰ কাৰণ হোৱা পৰিস্থিতিৰ সবিশেষ তদন্ত অব্যাহত ৰাখিছে ।