NORTHEAST NOW (Assamese)
অসম

গুজৰাটত ঔষধ সংস্থাত অভিযান চলাই উদ্ধাৰ ৫০০০ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 15, 2024 1:25 pm

দিল্লী আৰু গুজৰাট আৰক্ষীয়ে গুজৰাটৰ এটা ঔষধ প্ৰস্তুতকাৰী কোম্পানীত অভিযান চলাই ৫১৮ কেজি কোকেইন উদ্ধাৰ কৰে। সেই বিপুল পৰিমাণৰ কোকেইনৰ বজাৰ মূল্য হৈছে পাঁচ হাজাৰ কোটি।

উল্লেখ্য যে কিছুদিন পূৰ্বে দিল্লী আৰক্ষীৰ বিশেষ কোষে দিল্লীৰ মহিপালপুৰ গুদামৰ পৰা ৫৬২ কিলোগ্ৰাম উচ্চমানৰ কোকেইন আৰু ৪০ কিলোগ্ৰাম হাইড্ৰ’পনিক গাঞ্জা জব্দ কৰিছিল।

আৰক্ষীৰ তথ্য অনুসৰি যোৱা কেইদিনমানত দেশৰ বিভিন্ন প্ৰান্তত ১২৮৯ কেজি কোকেইন উদ্ধাৰ হৈছে। যাৰ মূল্য প্ৰায় ১৩ হাজাৰ কোটি।

লগতে পঢ়কঃ আজি বিশ্ব হাত ধোৱা দিৱস, কেতিয়াৰ পৰা আৰু কিয় পালন কৰা হয় এই দিৱস?

বিশেষ সূত্ৰৰ পৰা তথ্য লাভ কৰি যোৱা তিনিমাহ ধৰি গুজৰাটত ড্ৰাগছ নিৰ্মাতা কোম্পানীটোৰ গুদামটোৰ ওপৰত চকু ৰাখিছিল চোৰাংচোৱাই। তেওঁলোকৰ হাতত তথ্য আছিল যে উৎসৱৰ বতৰ আৰু আগন্তুক ডাঙৰ ডাঙৰ কনচাৰ্টত ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ বিয়পাবলৈ চেষ্টা কৰিব। আৰু গোটেই চক্ৰটোৰ মুৰব্বী গুজৰাটৰ অংকলেশ্বৰত থকা সেই ঔষধ নিৰ্মাণ কোম্পানীটো।

চিকিৎসাৰ আঁৰত ইমান ডাঙৰ ড্ৰাগছ ব্যৱসায় চলোৱাৰ ঘটনা পোহৰলৈ অহাত সাধাৰণ মানুহ স্তম্ভিত হৈ পৰিছে। অভিযুক্ত ফাৰ্মা কোম্পানীটোৰ মালিক আৰু কৰ্মচাৰীক জেৰা অব্যাহত ৰাখিছে তদন্তকাৰীয়ে।

দক্ষিণ আমেৰিকাত নিৰ্মিত এই ঔষধ প্ৰথমে ১৫ ছেপ্টেম্বৰত পানামা বন্দৰৰ পৰা ডুবাই হৈ গোৱাত উপস্থিত হৈছিল। ইয়াৰ পিছত গুজৰাটৰ এটা ঔষধ নিৰ্মাণ কোম্পানীত ইয়াক পৰিশোধন কৰা হয়। তাৰ পিছত ইয়াক ড্ৰাগছ সৰবৰাহকাৰীক বিক্ৰী কৰা হয়।

লগতে পঢ়কঃ অভিনৱ প্ৰতিবাদ! গিবন অভয়াৰণ্যৰ সুৰক্ষাৰ দাবীৰে মাজনিশা ৰং তুলিকা হাতত লৈ ৰাজপথত চিত্ৰ অংকনত ব্যস্ত চিত্ৰশিল্পী

এই পৰ্যন্ত একাধিক অভিযানত ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ ভিতৰত দিল্লীৰ তুষাৰ গোৱেল নামৰ এজন ব্যৱসায়ী আছে। লণ্ডনত বাস কৰা তুষাৰৰ ব্যৱসায়িক সহযোগী বন্ধু যতীন্দৰ সিং গিলকে ধৰি আন দুজনকো গ্ৰেপ্তাৰ কৰা হৈছে। আগতে ড্ৰাগছ যোগান ধৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, প্ৰথমে গুজৰাটৰ গুদামৰ পৰা এই ড্ৰাগছ উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছিল। তাৰ পৰাই দিল্লীৰ তুষাৰৰ ওচৰলৈ যায়।