NORTHEAST NOW (Assamese)
দেশ

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা : বাছ আৰু টেম্প’ৰ মাজত মুখামুখি সংঘৰ্ষত ৮শিশুসহ ১২ জন লোকৰ মৃত্যু

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 20, 2024 6:40 pm

ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু টেম্প’ৰ মাজত মুখামুখি সংঘৰ্ষত ৮ শিশুসহ ১২জন লোকৰ মৃত্যু হৈছে। নিহত আটাইকেইজনেই একেটা পৰিয়ালৰ সদস্য।

শনিবাৰে মধ্যপ্ৰদেশৰ গ্ৱালিয়ৰৰ পৰা ৰাজস্থানৰ জয়পুৰলৈ গৈ আছিল এখন শ্লীপাৰ কোচ বাছ।

নিশা প্ৰায় ১১ বজাত বিয়াৰ অনুষ্ঠান সমাপ্ত কৰি সেই ৰাস্তাৰে টেম্প’ৰে উভতি আহিছিল এটা পৰিয়াল। বাটত সুনিপুৰ গাঁৱৰ সমীপত বাছখনে টেম্প’ত খুন্দা মাৰে। গাড়ীখনত থকা ১২জন লোকৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোক সেই ঠাইত সমবেত হয়।

এই তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীৰ উপস্থিতিত টেম্প’ৰ পৰা এটাৰ পিছত এটাকৈ মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ মতে, টেম্প’ আৰু বাছ দুয়োখন জব্দ কৰা হৈছে। ঘটনাৰ পিছতে বাছ চালকজনে পলায়ন কৰে। তেওঁৰ সন্ধান আৰম্ভ কৰা হৈছে। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় তাৰ তদন্ত আৰম্ভ হৈছে।