NORTHEAST NOW (Assamese)
অসম

পুনৰ কাশ্মীৰৰ সোণমাৰ্গত উগ্ৰপন্থীৰ আক্ৰমণত নিহত চিকিৎসকসহ ৭ জন প্ৰব্ৰজিত শ্ৰমিক

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী October 21, 2024 10:59 am

পুনৰ ৰক্তাক্ত হৈছে কাশ্মীৰ। উপত্যকাৰ সোণমাৰ্গত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিলে এজন চিকিৎসক আৰু ৬জন প্ৰব্ৰজিত শ্ৰমিকক। দেওবাৰে সন্ধিয়া নিৰ্মাণৰত আণ্ডাৰপাছৰ সমীপত প্ৰব্ৰজিত শ্ৰমিকক আক্ৰমণ কৰে উগ্ৰপন্থীয়ে। এই ঘটনাত আন কেইবাজনো লোক আহত হয়।

অঞ্চলটোৰ আশে-পাশে উগ্ৰপন্থীসকলক বিচাৰি উলিয়াবলৈ নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছে। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই নিৰস্ত্ৰ সাধাৰণ মানুহৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে।

লগতে পঢ়কঃ দক্ষিণ আফ্ৰিকাক অনায়াসে পৰাস্ত কৰি মহিলা টি-২০ বিশ্বকাপত চেম্পিয়ন হ’ল নিউজিলেণ্ড

সূত্ৰ অনুসৰি উগ্ৰপন্থীয়ে সুৰংগ নিৰ্মাণ শ্ৰমিকৰ ওপৰত আক্ৰমণ কৰে। চিকিৎসকগৰাকী তাতেই আছিল। গণ্ডাৰৱাল জিলাৰ গগংগীৰৰ পৰা সোণমাৰ্গলৈ নিৰ্মাণ কৰা হৈছে ভূগৰ্ভস্থ পথ।

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই আক্ৰমণৰ খবৰ পোৱাৰ পিছত এক্স-হেণ্ডলত এই ঘটনাক গৰিহণা দিয়ে। তেওঁ লিখিছে, “সোনমাৰ্গত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত নৃশংস আৰু কাপুৰুষালি আক্ৰমণৰ অতি দুখজনক খবৰ পাইছো। অঞ্চলটোৰ এটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প নিৰ্মাণৰ কামত ভুক্তভোগীয়ে কাম কৰি আছিল। উগ্ৰপন্থী আক্ৰমণত ২ জন লোক (এই পৰ্যন্ত দুজন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে) নিহত হয়। আন ২-৩ জন আহত হয়। নিৰস্ত্ৰ নিৰীহ লোকৰ ওপৰত কৰা এই আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো আৰু তেওঁলোকৰ আপোনজনৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো।”

লগতে পঢ়কঃ প্ৰেমত বাধা হোৱাৰ বাবে শিশু অপহৰণৰ অভিযোগ; মুম্বাইত গ্ৰেপ্তাৰ ‘ক্ৰাইম পেট্ৰ’ল’ খ্যাত অভিনেত্ৰী

ইয়াৰ পূৰ্বে ১৮ অক্টোবৰত শ্বোপিয়ান জিলাত বিহাৰৰ পৰা অহা এজন প্ৰব্ৰজিত শ্ৰমিকক উগ্ৰপন্থীয়ে হত্যা কৰিছিল। জৈনপোৰাৰ স্থানীয় লোকে গুলীচালনা কৰা কৰ্মীজনৰ মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে। অশোক চৌহান নামৰ এই শ্ৰমিকজন অনন্তনাগৰ সংগম অঞ্চলত বাস কৰিছিল। এনে ঘটনাক গৰিহণা দিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৪৮ ঘণ্টাৰ ভিতৰতে ‘বহিৰাগত লোক’ৰ ওপৰত আন এক বৃহৎ আক্ৰমণ সংঘটিত হ’ল।