NORTHEAST NOW (Assamese)
দেশ

“স্বামীক হিজৰা বুলি কোৱাতো নিষ্ঠুৰ মানসিকতা…” বিবাহ বিচ্ছেদত সমৰ্থন উচ্চ ন্যায়ালয়ৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 23, 2024 8:27 pm

স্বামীক ‘হিজৰা’ বুলি কোৱাটো একপ্ৰকাৰৰ নিষ্ঠুৰতা। এহাল দম্পতীৰ বিবাহ বিচ্ছেদৰ গোচৰত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এই বক্তব্য প্ৰদান কৰিছে।

ইয়াৰ পূৰ্বে এই ঘটনাত পৰিয়াল আদালতে স্বামীৰ হৈ আবেদন গ্ৰহণ কৰি ১২ জুলাইত বিচ্ছেদৰ ৰায় দিছিল। ৰায়ক প্ৰত্যাহ্বান জনাই পত্নীয়ে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুধীৰ সিং আৰু ন্যায়াধীশ যশজিৎ সিং বেদীৰে গঠিত বিভাগীয় বিচাৰপীঠে পত্নীৰ আবেদন খাৰিজ কৰি পৰিয়াল আদালতৰ ৰায়ক সমৰ্থন কৰে।

জানিব পৰা মতে, ২০১৭ চনৰ ডিচেম্বৰ মাহত দুয়োৰে বিবাহ হয়। কিন্তু কিছুদিন পিছত কাজিয়া আৰু অশান্তিৰ সূত্ৰপাত হয়।

স্বামীয়ে অভিযোগ কৰিছিল যে তেওঁৰ মাতৃৰ লগত পত্নীয়ে অসৎ আচৰণ কৰে । নীলাছবি আৰু মোবাইল গেমৰ প্ৰতি আসক্ত তেখেতৰ পত্নী। পত্নীয়ে স্বামীক নিশা কমেও তিনিবাৰকৈ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰে। লগতে, স্বামীয়ে আৰু অভিযোগ কৰে যে পত্নীয়ে তেওঁক শাৰীৰিকভাৱে সক্ষম নহয় বুলি কৈছিল আৰু পত্নীয়ে আন কাৰোবাক বেছি পছন্দ কৰিছিল।

ব্যক্তিগৰাকীৰ মাতৃয়ে অভিযোগ কৰে যে বোৱাৰীয়ে পুত্ৰক ‘হিজৰা’ বুলি সম্বোধন কৰিছিল। আনকি তেওঁকো হিজৰা পুত্ৰৰ পুত্ৰৰ মাতৃ বুলি কৈছিল।

এই সকলো অভিযোগ শুনাৰ পিছত আদালতে এই বিবাহ বিচ্ছেদক সমৰ্থন কৰি ৰায় প্ৰদান কৰে।