NORTHEAST NOW (Assamese)
অসম

মণিপুৰত পুনৰ অশান্তি! সংঘৰ্ষৰ ফলত এগৰাকী কুকি মহিলাৰ মৃত্যু, আহত মেইটেই কৃষক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2025 7:53 am

মণিপুৰ পুনৰ অশান্ত হৈ পৰিছে! চুৰাচান্দপুৰ জিলাৰ চিংফেই গাঁৱত বৃহস্পতিবাৰে নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত কুকি সম্প্ৰদায়ৰ এগৰাকী মহিলাৰ মৃত্যু হয়।

স্থানীয় সূত্ৰৰ মতে, বিষ্ণুপুৰ জিলাৰ চুবুৰীয়া ফুবালা গাঁৱত বন্দুকধাৰীৰ আক্ৰমণত এজন মেইটেই কৃষক আহত হোৱাৰ পিছতে এই ঘটনাৰ সূত্ৰপাত হয়। এই ঘটনাৰ কেইমিনিটমানৰ ভিতৰতে উত্তেজনা বিয়পি পৰে।

এই অঞ্চলত বসবাস কৰা মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত দীৰ্ঘদিন ধৰি সমস্যা চলি আহিছে। কিন্তু দুয়োপক্ষই একেলগে প্ৰতিবাদ কৰা দেখা গৈছে।

প্ৰশাসনিক সূত্ৰ অনুসৰি বৃহস্পতিবাৰে বিয়লি বিষ্ণুপুৰ-চুৰাচান্দপুৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত ফুবালা গাঁৱত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ দলে আক্ৰমণ কৰে। আনকি পথাৰত কাম কৰি থকা এজন কৃষককো গুলীচালনা কৰা হয়। আহত কৃষকজনৰ নাম নিংথৌছম বীৰেন। তেওঁক শীঘ্ৰে উদ্ধাৰ কৰি বিষ্ণুপুৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ তাত চিকিৎসাধীন হৈ আছে।

ইপিনে, এই ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষী গাঁওখনত উপস্থিত হয়। তালৈ গৈ সন্দেহজনক লোকৰ তালাচী অভিযান আৰম্ভ কৰাৰ সময়তে সন্দেহজনক কুকি উগ্ৰপন্থীৰ সৈতে নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়।

তাতেই এগৰাকী মহিলা গুলীবিদ্ধ হয়। মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়। ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে।