NORTHEAST NOW (Assamese)
Popular Stories

আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস… বিপ্লৱী শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2025 7:30 am

আজি বিষ্ণু প্ৰসাদ ৰাভা দিৱস। অসমীয়া জাতীয় জীৱনলৈ অনবদ্য অৰিহণা আগবঢ়াই থৈ যোৱা বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জ্ঞাপন কৰি ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। ১৯৬৯ চনৰ ২০ জুন তাৰিখে তেজপুৰত এইগৰাকী মহান ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল ।

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু । বিষ্ণু প্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল ।

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই ৰাজনৈতিক জগততো তেওঁ এসময়ত খোজ পেলাইছিল। ১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে কিন্তু এই নিৰ্বাচনত পৰাজয় হয়। ইয়াৰ পাছত ৰাভাদেউে ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে ।

বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও বহু কাম কৰি থৈ গৈছে । লগতে তেওঁ বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে ।