NORTHEAST NOW (Assamese)
Popular Stories

ভয়ংকৰ ২০২৫! হ’ব জলপ্ৰলয়, আগ্নেয়গিৰিৰ বিস্ফোৰণ; কৈছে কোভিডৰ ভৱিষ্যদ্বাণী ফলিওৱা বাবা ভাংগাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2024 2:18 pm

ভৱিষ্যৎ বক্তা নষ্ট্ৰাডামুছ আৰু বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছে। দুয়োজনে কেইহাজাৰ বছৰৰ পাছত কি হ’ব সেই কথাও কৈ গৈছিল। আৰু যদি সেইবোৰ ধৰা হয় তেন্তে ২০২৫ চনটো অনিশ্চয়তাৰে ভৰা হ’বলৈ গৈ আছে।

১৫৬৬ চনত ফৰাচী ভৱিষ্যৎ বক্তা নষ্ট্ৰাডামাছৰ মৃত্যু হয়। কিন্তু তেওঁ আগতেই কৈছিল যে হাজাৰ হাজাৰ বছৰৰ পাছত সমগ্ৰ পৃথিৱীতে কি হ’ব। সেইদৰে, বাবা ভাংগা নামৰ বুলগেৰিয়াৰ ভৱিষ্যৎ বক্তাগৰাকীও বহুদিন আগতে মৃত্যুমুখত পৰিছে। কিন্তু এই দুজনৰ বহু কথাই মিলি গৈছে।

উদাহৰণ স্বৰূপে হিৰোচিমা আৰু নাগাছাকিত সংঘটিত পৰমাণু বোমা বিস্ফোৰণ, ২০২২ চনত লণ্ডনত সংঘটিত হোৱা অগ্নিকাণ্ড, বা কোভিডৰ দৰে মহামাৰী। আকৌ ১৯৬৬ চনত প্ৰয়াত অন্ধ বাবা ভাংগাই কৈ যোৱা ৯/১১ৰ আক্ৰমণ, ডায়েনাৰ ৰহস্যজনক মৃত্যু, আনকি আমেৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি বাৰাক ওবামা হোৱা প্ৰায় সকলো মিলি গৈছিল।

২০২৪ চনত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধও আহি মিলি গৈছে। একেদৰে ২০২৫ চনত পৃথিৱীলৈ অন্ধকাৰ নামিবলৈ গৈ আছে। য’ত কেইবাটাও প্ৰাকৃতিক দুৰ্যোগ হ’বলৈ গৈ আছে। ইয়াৰ ভিতৰত ব্ৰাজিলৰ ঘুমন্ত আগ্নেয়গিৰি বিস্ফোৰণ হ’ব পাৰে। তদুপৰি অহা বছৰ ভয়ংকৰ বানপানী হ’বলৈ গৈ আছে। য’ত বহু লোকে প্ৰাণ হেৰুৱাৰ আশংকা আছে।

অৱশ্যে ইয়াৰ এটা উজ্জ্বল দিশো আছে। পৃথিৱীখন প্ৰযুক্তিগতভাৱে অধিক উন্নত হ’বলৈ গৈ আছে।