NORTHEAST NOW (Assamese)
অসম

নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2024 8:31 am

শুকুৰবাৰে সন্ধিয়া অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকক গুৱাহাটীত এগৰাকী নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, গুৱাহাটীৰ চান্দমাৰী আৰক্ষী থানাত নিয়োজিত আব্দুল হুছেইন নামৰ উপ-পৰিদৰ্শকগৰাকীয়ে কোনো বিষয় সন্দৰ্ভত এজাহাৰ দাখিল কৰিবলৈ অহা নাবালিকাগৰাকীক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ (POCSO)ৰ প্ৰাসংগিক ধাৰাত  বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। গোচৰ নম্বৰ ২৬৬/২৪।

লগতে পঢ়কঃ অসমীয়া সাহিত্য-সংবাদ জগতত ‘বিস্ময়’ যুগৰ স্ৰষ্টা শশী ফুকনৰ দেহাৱসান

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। অৱশ্যে গোচৰটোৰ সন্দৰ্ভত অধিক সবিশেষ শ্বেয়াৰ কৰা হোৱা নাই।

থানাৰ ভিতৰতে আৰক্ষী বিষয়াগৰাকীয়ে নিৰ্যাতন চলাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

গোচৰটোত যাতে কোনো ধৰণৰ সুৰুঙা নাথাকে তাৰ বাবে জ্যেষ্ঠ বিষয়াক এই গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হৈছে।