NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত বিধ্বসী অগ্নিকাণ্ডৰ ঘটনা, জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ November 1, 2024 11:37 am

শিৱসাগৰ নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক বিধ্বসী অগ্নিকাণ্ড। শিৱসাগৰৰ সদৰ থানাৰ সমীপৰ লক্ষীপ্ৰিয়া পথত (৭নং ৱাৰ্ড)১১ টা ভাড়াঘৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

এই অগ্নিকাণ্ডৰ ঘটনাত এজন ব্যক্তি জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। মৃত ব্যক্তিজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

আনহাতে, অগ্নিদগ্ধ হোৱা শ্যাম ৰায়ক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

অসম ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনী তথা অ এন জি চিৰ অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

লগতে পঢ়কঃ দীপাৱলীৰ নিশা মহানগৰীৰ খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুই যুৱক-যুৱতী

অগ্নিকাণ্ডৰ ফলত কেইবাটাও গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে।

ভাৰাঘৰত চানাৱালা তথা খাদ্য প্ৰস্তত কৰা কাৰিকৰ ভাড়াতীয়া হিচাপে আছিল।

ঘটনাস্থলীত নিশা দণ্ডাধীক্ষ উপস্থিত হৈ মৃত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰে।

দেৱালীৰ আনন্দ উল্লাহৰ মাজতে শিৱসাগৰৰ সদৰ থানাৰ সমীপতে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

প্ৰদীপ দত্ত নামৰ পাঁচ জনীয়া এটা পৰিয়াল ভয়ংকৰ জুইৰ লেলিহান শিখাত সোমাই পৰে।

লগতে পঢ়কঃ নিচাৰ বাবে টকা লাগে! ১৯ জন যুৱকৰ সৈতে দৈহিক সম্পৰ্ক এক কিশোৰীৰ; এইডছত আক্ৰান্ত সকলোৱে

ঘৰৰ লগত পাঁচটা ভাড়াঘৰো সংযুক্ত হৈ আছিল। ৰাম চৰণ ৰায় নামৰ এজন ব্যক্তি জীৱন্তে অগ্নিদগ্ধ হোৱা বুলি জানিব পৰা গৈছে।

এই সময়লৈকে সৰ্বমুঠ কিমান জন ব্যক্তি আঘাত প্ৰাপ্ত হৈছে সেয়া জানিব পৰা হোৱা নাই।