NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ কৰ্ণাটকৰ এজন লোকৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 4, 2024 9:02 am

গুৱাহাটীত ৰহস্যজনক পৰিস্থিতিত কৰ্ণাটকৰ এজন লোকক হোমষ্টেত মৃত অৱস্থাত উদ্ধাৰ। হোমষ্টেৰ মালিকে মৃত অৱস্থাত উদ্ধাৰ কৰে চেমুৱেল জেবা মণি নামৰ মৃত লোকজনক।

আৰক্ষীয়ে জনোৱা মতে, শেহতীয়াকৈ গুৱাহাটীৰ বেলতলা অঞ্চলৰ মাটিৰ ঘৰ নামৰ হোমষ্টেটোত এটা কোঠা ভাড়াত লৈছিল লোকজনে।

কিছু ব্যৱসায়িক কামৰ বাবে তেওঁ গুৱাহাটীত থকা বুলি দাবী কৰিছিল।

লগতে পঢ়কঃ প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নামিছিল ভাৰত? বিধ্বস্ত হোৱাৰ পিছতে প্ৰশ্ন শচীনৰ

কিন্তু দেওবাৰে যেতিয়া হোমষ্টেৰ মালিকে তেওঁৰ বিষয়ে বিচাৰ-
খোচাৰ কৰিবলৈ চেষ্টা কৰে তেতিয়া কৰ্মচাৰী আৰু পৰিচালকে তেওঁক ভাড়াত লোৱা কোঠাটোৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।

ঘটনাটো আত্মহত্যা বুলি সন্দেহ কৰা হৈছে যদিও কোনো সম্ভাৱ্য ৰহস্য ওলাব পাৰে নেকি তাৰ আৰক্ষীয়ে তদন্ত কৰি আছে।

লগতে পঢ়কঃ Weight Loss Tips: কেতিয়াও এনেদৰে ওজন কমাবলৈ চেষ্টা নকৰিব! ভয়ানক হ’ব পাৰে ইয়াৰ ফল

মৃত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

মৰণোত্তৰ পৰীক্ষাৰ পিছত এই মৃত্যুৰ বিষয়ে অধিক জানিব পাৰিব বুলি আৰক্ষীয়ে জনায়।