NORTHEAST NOW (Assamese)
Popular Stories

ন্যায়পালিকাৰ স্বাধীনতা মানে চৰকাৰৰ বিৰুদ্ধে সিদ্ধান্ত লোৱা নহয়: মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 5, 2024 11:58 am

১০ নৱেম্বৰত কাৰ্যভাৰ ত্যাগ কৰিবলৈ ওলোৱা ভাৰতৰ বিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে ন্যায়পালিকাৰ স্বাধীনতাৰ অৰ্থ সদায় চৰকাৰৰ বিৰুদ্ধে সিদ্ধান্ত লোৱা নহয়। লগতে গোচৰৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ন্যায়াধীশক বিশ্বাস কৰিবলৈ আহ্বান জনায়।

দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যেতিয়া তেওঁ নিৰ্বাচনী বণ্ড আঁচনিখন ভাঙি কেন্দ্ৰৰ বিৰুদ্ধে ৰায় দিছিল তেতিয়া তেওঁক “অতি স্বাধীন” বুলি কোৱা হৈছিল।

চন্দ্ৰচূড়ে কয় “যেতিয়া আপুনি নিৰ্বাচনী বণ্ডৰ সিদ্ধান্ত লয়, তেতিয়া আপুনি অতি স্বাধীন, কিন্তু যদি কোনো ৰায় চৰকাৰৰ সপক্ষে যায়, তেন্তে আপুনি স্বাধীন নহয়, সেয়া মোৰ স্বাধীনতাৰ সংজ্ঞা নহয়।”

উল্লেখ্য যে, যোৱা ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখনক “অসাংবিধানিক” বুলি অভিহিত কৰি বাতিল কৰে। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰি ২০১৮ চনত আৰম্ভ হোৱাৰ পৰাই নিৰীক্ষণৰ আওতাত থকা ৰাজনৈতিক পুঁজিৰ এক বিতৰ্কিত পদ্ধতিৰ অন্ত পেলায়।

মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয় যে এতিয়াও ন্যায়পালিকাৰ স্বাধীনতা মানে চৰকাৰৰ পৰা স্বাধীনতা। কিন্তু ন্যায়িক স্বাধীনতাৰ ক্ষেত্ৰত সেয়াই নহয়। আমাৰ সমাজখন সলনি হৈছে। বিশেষকৈ ছ’চিয়েল মিডিয়াৰ আগমনৰ লগে লগে বহু চাপ গোটৰ সৃষ্টি হৈছে।”