NORTHEAST NOW (Assamese)
Popular Stories

ৰন্থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিৰুদ্দিষ্ট ২৫টা বাঘ! বন বিভাগৰ তিনিজনীয়া সদস্যৰে সমিতি গঠন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 5, 2024 4:21 pm

ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ ৰন্থামবোৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এটাৰ পাছত এটাকৈ বাঘ নিৰুদ্দেশ হোৱাৰ খবৰ ভাইৰেল হৈ পৰিছে। একে সময়তে এই ঘটনাই বন বিভাগৰ উদ্বেগ বৃদ্ধি কৰিছে। ইতিমধ্যে বাঘৰ নিৰুদ্দেশৰ তদন্তৰ বাবে তিনিজনীয়া এখন কমিটী গঠন কৰা হৈছে।

ৰন্থাম্বোৰ ৰাষ্ট্ৰীয় উদ্যানত ৭৫ টা বাঘ আৰু বাঘিনী আছে। বন বিভাগৰ এক সূত্ৰই দাবী কৰিছে যে যোৱা এবছৰত ৭৫টা বাঘৰ ভিতৰত ২৫টা বাঘ নিৰুদ্দেশ হৈছে। ১১টা বাঘৰ গতিবিধি অনুসৰণ কৰিব পৰা নগ’ল। সূত্ৰটোৱে দাবী কৰা মতে, ১৪টা বাঘ কেনেকৈ নিৰুদ্দেশ হ’ল সেই সন্দৰ্ভত বন বিভাগৰ হাতত কোনো তথ্য নাই।

সূত্ৰ অনুসৰি শেহতীয়াকৈ প্ৰকাশ পাইছে বাঘ চোৱাচিতাৰ প্ৰতিবেদন। ১৪ অক্টোবৰত প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা হৈছে যে ১১টা বাঘৰ অৱস্থাৰ কোনো সুদৃঢ় প্ৰমাণ পোৱা নাই। আৰু ১৪টা বাঘৰ উপস্থিতিৰ কোনো তথ্য পোৱা নগ’ল। এই প্ৰতিবেদন ওলোৱাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হ’ল। এই ঘটনা সন্দৰ্ভত ৰাজস্থানৰ মুখ্য বন সংৰক্ষক পৱন কুমাৰ উপাধ্যায়ে গঠন কৰিছে তিনিজনীয়া তদন্ত সমিতি। দুমাহৰ ভিতৰত বাঘ নিৰুদ্দেশৰ প্ৰতিবেদন দাখিল কৰিব কমিটীয়ে।

গঠন কৰা তিনিজনীয়া সমিতিখনত মুখ্য বন সংৰক্ষক, বন সংৰক্ষক আৰু উপ-বন সংৰক্ষক থাকিব। বাঘবোৰ কেনেকৈ নিৰুদ্দেশ হ’ল, কিয় ইমানবোৰ বাঘ নাইকিয়া হ’ল, কিয় এবছৰৰ ভিতৰতে বাঘৰ গতিবিধি সঠিকভাৱে নিৰীক্ষণ কৰা হ’ল নে নাই, তদন্ত কৰিব কমিটীয়ে। তদুপৰি এই ঘটনাত কোনো বিষয়া বা শ্ৰমিকৰ গাফিলতি হৈছে নে নাই তাক তদন্ত কৰা হ’ব বুলি বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।