NORTHEAST NOW (Assamese)
Popular Stories

সমুদ্ৰতীৰত বিৰাট কোহলীৰ ৩৬ সংখ্যক জন্মদিন উদ্‌যাপন বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 5, 2024 6:31 pm

৫ নৱেম্বৰত পুৰী সমুদ্ৰতীৰত বালিৰ ভাস্কৰ্য্যৰে বিৰাট কোহলীৰ জন্মদিন উদ্‌যাপন কৰে ওড়িশাৰ প্ৰখ্যাত শিল্পী সুদৰ্শন পাটনায়কে।

এক্সত এটা পোষ্টত পাটনায়কে কোহলীৰ ৩৬ সংখ্যক জন্মদিনত নিৰ্মাণ কৰা ভাস্কৰ্য্যটোৰ এখন ছবি শ্বেয়াৰ কৰি কেপচনত তেওঁৰ বাবে এক আন্তৰিক বাৰ্তা লিখিছিল।

পাটনায়কে নিজৰ পোষ্টৰ কেপচনত লিখিছে- ‘কিংবদন্তি বিৰাট কোহলীলৈ জন্মদিনৰ শুভেচ্ছা থাকিল! আপোনাৰ আবেগ, নিষ্ঠা, আৰু অবিশ্বাস্য প্ৰদৰ্শনে বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। সফলতা আৰু সুখেৰে ভৰা এবছৰ কামনা কৰি! ওড়িশাৰ পুৰী বীচ্চত মোৰ বলুকাশিল্প। #HappyBirthdayViratKohli.”

উল্লেখ্য যে, ‘চেজমাষ্টাৰ’ খিতাপ অৰ্জন কৰা বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত নিজৰ আদৰ্শ শচীন তেণ্ডুলকাৰক চেৰ পেলাই বিশ্ব অভিলেখ গঢ়িছে ৫০টা শতকেৰে। টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী (১২৯২) হিচাপেও তেওঁ এই ইভেণ্টত দুবাৰকৈ সন্মানীয় প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা লাভ কৰিছে।

চলিত বৰ্ষৰ আৰম্ভণিতে বিৰাট কোহলীয়ে নিজৰ নামত ৪১৮৮ ৰান সংগ্ৰহ কৰি টি-২০ত দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।