NORTHEAST NOW (Assamese)
অসম

Elon Musk takes over Twitter: টুইটাৰৰ নতুন মালিক এলন মাস্ক; অধিগ্ৰহণ কৰিয়েই অঁতৰালে চিইঅ’ পৰাগ আগৰৱালাক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2022 9:08 am

Elon Musk takes over Twitter অৱশেষত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰিলে। মাইক্ৰ’ব্লগিং ছাইটটো অধিগ্ৰহণ কৰাৰ পিছত মাস্কে কোম্পানীৰ শীৰ্ষ বিষয়াসকলক চাকৰিৰ পৰা খেদাৰ কাম আৰম্ভ কৰিলে।

বাতৰি অনুসৰি, টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা আৰু কোম্পানীৰ ‘মুখ্য বিত্তীয় বিষয়া’ নেড চেগালক ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে। পৰাগে ছান ফ্ৰান্সিস্কোৰ টুইটাৰৰ মুখ্য কাৰ্যালয় এৰিছে।

বৃহস্পতিবাৰে সন্ধিয়া বিশ্বৰ এক নম্বৰ স্থানৰ ধনী ব্যক্তিগৰাকীয়ে এক বিবৃতি জাৰি কৰি কয় যে তেওঁ টুইটাৰ অধিগ্ৰহণ কৰিছে। মাস্কে কয় যে তেওঁৰ এই পদক্ষেপ “মানৱতাৰ স্বাৰ্থত” লোৱা হৈছে।

লগতে পঢ়ক: নিৰ্দেশনা স্বত্বেও ইউক্ৰেইন এৰিবলৈ অনিচ্ছুক; কেন্দ্ৰৰ নীতিকে দোষাৰোপ ভাৰতীয় শিক্ষাৰ্থীৰ

মাস্কে টুইটাৰত লিখিছে, “মই কিয় টুইটাৰ অধিগ্ৰহণ কৰিলো মই সকলোকে জনাব বিচাৰো।” মই অধিক টকা উপাৰ্জন কৰিবলৈ ক্ৰয় কৰা নাই। মই এইটো মানৱতাৰ বাবে কিনিছো। মানৱতাৰ ভৱিষ্যত এনেকুৱা হ’ব লাগে যে সকলো পক্ষৰ বাবে স্বতন্ত্ৰ মতামত প্ৰকাশ কৰাৰ বাবে এটা ডিজিটেল প্লেটফৰ্ম থাকিব। এক সুস্থ পৰিৱেশত বিতৰ্ক হ’ব।”

মাস্কে লগতে কয়, “এই মুহূৰ্তত এক বিপদজনক পৰিস্থিতি আহিছে, য’ত ছ’চিয়েল মিডিয়া অতি কট্টৰ সোঁপন্থী আৰু অতি কট্টৰ বাওঁপন্থীৰ কেইবাটাও গোটত বিভক্ত হ’বলৈ আগবাঢ়িছে। যিয়ে সমাজত ঘৃণা আৰু বিভাজন বৃদ্ধি কৰিব।”

লগতে পঢ়ক: হিংসাজৰ্জৰ পাকিস্তানতকৈও কম সুৰক্ষিত ভাৰত! আটাইতকৈ বেয়া পৰিস্থিতি আফগানিস্তানৰ

মাস্কে টুইটাৰত বিজ্ঞাপন নীতি কি হ’ব লাগে সেই বিষয়ে এটা বাৰ্তাও দিছে। তেওঁৰ মতে যদি বিজ্ঞাপন সঠিকভাৱে ব্যৱহাৰ কৰা হয়, তেন্তে ই লোকসকলক যথেষ্ট তথ্য প্ৰাপ্ত কৰাত সহায় কৰিব। তেওঁ অপ্ৰাসংগিক বিজ্ঞাপনক ‘স্পাম’ বুলি বৰ্ণনা কৰিছে।

ইয়াৰ পূৰ্বে বুধবাৰে এলন মাস্কে হঠাতে ছান ফ্ৰান্সিস্কোত টুইটাৰৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰে। মুখত হাঁহি এটা লৈ মাস্ক টুইটাৰ কাৰ্যালয়ত প্ৰৱেশ কৰা দেখি সকলোৱে আচৰিত হৈছিল। এলনে তেওঁ টুইটাৰ কাৰ্যালয়লৈ যোৱাৰ এটা ভিডিঅ’ পোষ্ট কৰিছিল। দৰাচলতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতৰ নিৰ্দেশ অনুসৰি শুকুৰবাৰৰ ভিতৰত মাস্কে ৪হাজাৰ ৪০০ কোটি ডলাৰৰ অধিগ্ৰহণ চুক্তি চূড়ান্ত কৰিব লগা আছিল।

উল্লেখ্য যে যোৱা এপ্ৰিলত মাস্কে ৪হাজাৰ ৪০০ কোটি ডলাৰ ব্যয়েৰে টুইটাৰ ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে মাস্কে এই চুক্তিৰ পৰা আঁতৰি আহি দাবী কৰিছিল যে টুইটাৰে ভুৱা একাউণ্ট বন্ধ কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য হ্ৰাস হৈ আহে। তাৰ পিছতে আইনী যুঁজ আৰম্ভ হয়। আনকি মাস্কে টুইটাৰ ক্ৰয় কৰিব পাৰিব নে নোৱাৰে তাক লৈও সন্দেহ উপজিছিল।