NORTHEAST NOW (Assamese)
জীৱনশৈলী

সামান্থা, ৰশ্মিকা নহয়! কোন হ’ব পুষ্পা ২’ৰ আইটেম গাৰ্ল?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 6, 2024 7:42 pm

পুষ্পা ২ চিনেমাত আল্লু অৰ্জুনৰ লগত কোনে আইটেম ডান্স কৰিব তাকে লৈ এতিয়া চৰ্চা চলিছে। এইবাৰ এইবাৰ আল্লুৰ লগত আইটেম ডান্স কৰিবলৈ আহি আছে আন এগৰাকী সুন্দৰী।

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰিব আল্লু অৰ্জুনৰ পুষ্পা ২ নামৰ চিনেমাখনে। যিখন চিনেমাৰ বাবে যোৱা ৩ বছৰে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। পুষ্পা চিনেমাখনত আল্লু অৰ্জুনৰ সৈতে সামন্ত ৰুথ প্ৰভুৰ আইটেম ডান্স ব্যাপক হিট হৈছিল।

জানিবলৈ পোৱা মতে, চিনেমাখনৰ দ্বিতীয় খণ্ডতো সামান্থা থাকিব, কিন্তু সামান্থাৰ লগত থাকিব আন এগৰাকী সুন্দৰী অভিনেত্ৰী

প্ৰথম অৱস্থাত শ্ৰদ্ধা কাপুৰ, জাহ্নৱী কাপুৰৰ পৰা আৰম্ভ কৰি তৃপ্তী ডিমৰিলৈকে বলীউডৰ কেইবাগৰাকীও অভিনেত্ৰীয়ে আল্লুৰ সৈতে নাচিব বুলি চৰ্চা চলিছিল। কিন্তু শ্ৰী লীলা নামৰ দক্ষিণৰ এগৰাকী অভিনেত্ৰী পুষ্পা ২ ৰ আইটেম গাৰ্ল হ’ব বুলি শেহতীয়াকৈ খবৰ পোহৰলৈ আহিছে।

২০০১ চনৰ ১৪ জুনত শ্ৰীলীলাৰ জন্ম হৈছিল। তেওঁৰ জন্ম হৈছিল মিচিগানত। তাৰ পিছত বাংগালুৰুলৈ আহি স্কুল-কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰে। শ্ৰীলীলাৰ দেউতাক পেছাত ব্যৱসায়ী আৰু মাক পেথ’লজিষ্ট। তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছে

স্কুল শেষ কৰাৰ পিছত মাকৰ দৰেই চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল শ্ৰীলীলাই। সৰুৰে পৰা নৃত্যৰ প্ৰতি তীব্র আগ্ৰহ আছিল শ্ৰীলীলাৰ। ভাৰতনাট্যপ্ৰশিক্ষণ লৈছিল শ্ৰীলীলা। ২০১৭ চনত তেওঁ প্ৰথম অভিনয়ৰ সুযোগ লাভ কৰিছিল চিত্ৰাংগদা নামৰ এখন তেলেগু চিনেমাত।

 

View this post on Instagram

 

A post shared by Sreeleela (@sreeleela14)

২০১৯ চনৰ পৰা শ্ৰীলীলাই পূৰ্ণাংগ অভিনেত্ৰী হিচাপে অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁ তেলেগু আৰু কানাড়া ভাষাৰ ছবিত কাম কৰি আহিছে। ‘কিছ’, ‘পেল্লী সন্দাদী’, ‘বাই টু লাভ’, ‘ধমাকা’, ‘আদিকেশৱ’ আদি কেইবাখনো দক্ষিণৰ ছবিত অভিনয় কৰিছে। এইবাৰ মহেশ বাবুৰ সৈতে ‘গুন্টুৰ কৰম’ চিনেমাত দেখা যাব শ্ৰীলীলাক। অতি সোনকালে তেওঁবলীউডতো দেখা যাব।

চলিত বৰ্ষৰ নৱেম্বৰ মাহত পুষ্পা ২ ৰ আইটেম ডান্সশ্বুটিং হ’ব। ডিচেম্বৰ মাহত মুক্তি পাব ছবিখন।