NORTHEAST NOW (Assamese)
অসম

চাঞ্চল্য! কাজিয়াৰ পৰিণতিত কনিষ্ঠ ভাতৃৰ যৌনাংগ কাটিলে জ্যেষ্ঠ ভাতৃয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 14, 2023 3:13 pm
brother cuts off private part of younger

বজালী জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। প্ৰেমৰ সম্পৰ্কৰ অভিযোগত কনিষ্ঠ ভাতৃৰ যৌনাংগ কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে।

প্ৰকাশিত খবৰ অনুসৰি, ভৱানীপুৰ অঞ্চলত নিজা বাসগৃহৰ সমীপত থকা ধাননি পথাৰত ভাতৃক এই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে।

সূত্ৰ অনুসৰি, আহত ভাতৃজনক ধনজিৎ ৰয় বুলি চিনাক্ত কৰা হৈছে। জ্যেষ্ঠ ভাতৃ প্ৰাঞ্জল ৰয়ে পত্নীসহ ধনজিতৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

এই আক্ৰমণৰ ফলত কনিষ্ঠ ভাতৃ ধনজিৎ ৰয় গুৰুতৰভাৱে আহত হয়। ধনজিৎ ৰায়ৰ এক প্ৰেমৰ সম্পৰ্কৰ বাবেই এই আক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছে।

কিন্তু কাৰ সৈতে যুৱকজনৰ সম্পৰ্ক আছিল তথা কাজিয়াৰ সূত্ৰপাত কিয় হৈছিল, সেয়া এতিয়াও স্পষ্ট নহয়।

স্থানীয় আৰক্ষীয়ে তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰু বৰ্তমান ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

অভিযুক্ত প্ৰাঞ্জল ৰয়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।