যৌন সম্পৰ্ক কৰিবলৈ মান্তি নহ’ল প্ৰেমিকা; কেঁচিৰে ডিঙিত খুচি খুচি হত্যা কৰিলে লিভ ইন পাৰ্টনাৰে!

লিভ-ইনত থাকে। সেয়ে, প্ৰেমিকাৰ শৰীৰৰ ওপৰত তেওঁৰে অধিকাৰ! চৌবিশ বছৰীয়া যুৱকজনৰ মনত এনে চিন্তাই আছিল। সেইবাবেই তেওঁ নিজৰ ইচ্ছামতে যৌন সম্পৰ্ক স্থাপনৰ দাবী কৰিছিল। বেছিভাগ সময়তে প্ৰেমিকাই নিৰ্বিবাদে মানি লৈছিল। কিন্তু হঠাৎ এদিন অমান্তি হ’ল প্ৰেমিকা।
ভাগৰুৱা হোৱাৰ বাবে সেই নিশা প্ৰেমিকৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ নিবিচাৰিলে যুৱতীগৰাকী। এই কথাত ক্ষুব্ধ হৈ পৰিল যুৱকজন। খঙতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পেলালে। চিধাই কেঁচিখন পোনে পোনে প্ৰেমিকাৰ ডিঙিত সুমুৱাই দিলে। উপৰ্যুপৰি খুচিলে। ৰক্তাক্ত হৈ পৰিল দেহ।
লগতে পঢ়কঃ প্ৰেমত ব্যৰ্থ হৈ যদি প্ৰেমিকে চৰম পন্থা গ্ৰহণ কৰে, তাৰ বাবে দায়ী নহয় প্ৰেমিকা; ক’লে উচ্চ ন্যায়ালয়ে
মধ্য প্ৰদেশৰ ইন্দোৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। বুধবাৰে এগৰাকী ২০ বছৰীয়া যুৱতীক হানি খুচি হত্যা কৰে প্ৰেমিকে। জানিব পৰা মতে, ইনষ্টাগ্ৰামত প্ৰবীণ সিং ঢাকাৰ (২৪)ৰ সৈতে বাৰ্তালাপ হৈছিল যুৱতীৰ। তাৰ পৰাই আৰম্ভ হৈছিল প্ৰেম। কিছুদিনৰ ভিতৰতে ঘৰ ভাড়া কৰি লিভ-ইনত থাকিবলৈ আৰম্ভ কৰিছিল।
যোৱা ৭ ডিচেম্বৰত অভিযুক্ত যুৱকজনে প্ৰেমিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ ওপৰত জোৰ দিছিল। কিন্তু গোটেই দিনটোৰ ক্লান্তিৰ বাবে প্ৰেমিকা অমান্তি হ’ল। ইয়াতেই যুৱকৰ খং উঠিল। হাতৰ আগত কেঁচিখন লৈ সি উপৰ্যুপৰি ডিঙিত খুচিবলৈ ধৰিলে। নিমিষতে তেজেৰে ৰাঙলী হৈ পৰে।
লগতে পঢ়কঃ কাৰো কথা নুশুনে নেতানিয়াহুৱে! গাজাত ‘বিজয়’ নহালৈকে অভিযান অব্যাহত ৰাখিব ইজৰাইলে
প্ৰেমিকৰ মৃতদেহৰ সন্মুখত কিছু সময় বহি থাকে অভিযুক্ত। ইয়াৰ পিছতে তেওঁ চেতনা ঘূৰাই পোৱাৰ লগে লগে পলায়ন কৰে। কিন্তু পলায়নৰ আগতে ঘৰৰ দুৱাৰখন বাহিৰৰ পৰা তলা মাৰি থৈ যায়। প্ৰেমিকাৰ ফোনটো লৈ পলাই যায়।
কেইবাদিনো ধৰি আৰক্ষীয়ে যুৱকজনৰ মোবাইল নম্বৰ ট্ৰেক কৰিছিল। অৱশেষত বুধবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।