ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে জয় নিশ্চিত নোহোৱালৈকে তেওঁলোকে যুদ্ধ অব্যাহত ৰাখিব। ইয়াত ইজৰাইলক একোৱেই ৰখাব নোৱাৰে।গাজাত চলি থকা যুদ্ধৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় হেঁচা ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে বুধবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ বাৰ্তাযোগে এই কথা কয়।
নেতানিয়াহুৱে কয়, শেষ দেখিহে আঁতৰিম। এই সন্দৰ্ভত কোনো প্ৰশ্নই উত্থাপন হ’ব নোৱাৰে। আন্তঃৰাষ্ট্ৰীয় হেঁচাত মাজতো মই বৰ কষ্টেৰে কথাখিনি কৈছো। একোৱেই আমাক বাধা দিব নোৱাৰে। যেতিয়ালৈকে জয় নিশ্চিত নহয় তেতিয়ালৈকে আমি অবিচল হৈ থাকিম। ইয়াৰ অন্যথা নহ’ব।
ইপিনে, ইজৰাইলৰ বৈদেশিক মন্ত্ৰী এলি কোহেনেও একে কথাই কয়। আন্তঃৰাষ্ট্ৰীয় সমৰ্থন থাকক বা নাথাকক হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধ অব্যাহত থাকিব বুলি তেওঁ কয়।
লগতে পঢ়কঃ ৰজাক সমালোচনা কৰাৰ অপৰাধত ছবছৰৰ কাৰাদণ্ড বিহা হ’ল সাংসদক
ৱাশ্বিংটন ভ্ৰমণ কৰা এজন কূটনীতিবিদক কোহেনে কয় যে এই সময়ত যুদ্ধবিৰতি হ’লে সন্ত্ৰাসবাদী সংগঠন হামাছক উপহাৰ দিয়াৰ দৰে হ’ব। ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ পূৰ্বৰ অৱস্থালৈ উভতি আহি ইজৰাইলৰ বাসিন্দাসকলক ভাবুকি দিব।
যোৱা মঙলবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গাজাত যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ দাবীত এক প্ৰস্তাৱ গৃহীত কৰে। সাধাৰণ পৰিষদৰ ১৯৩খন দেশৰ ভিতৰত ১৫৩খন দেশে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে।
আমেৰিকাই এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়া, কানাডা, নিউজিলেণ্ডৰ দৰে দেশসমূহে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। পিছত এক বিৰল বিবৃতিত অষ্ট্ৰেলিয়া, কানাডা আৰু নিউজিলেণ্ডে গাজাত সাধাৰণ নাগৰিকৰ বাবে নিৰাপদ স্থান সংকুচিত হোৱাৰ বাবে চিন্তিত বুলি কয়।
লগতে পঢ়কঃ প্ৰেমত ব্যৰ্থ হৈ যদি প্ৰেমিকে চৰম পন্থা গ্ৰহণ কৰে, তাৰ বাবে দায়ী নহয় প্ৰেমিকা; ক’লে উচ্চ ন্যায়ালয়ে
ৰাষ্ট্ৰসংঘত এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰাৰ পিছতো মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে ইজৰাইলে পেলেষ্টাইনৰ গাজাত “নিৰ্বিচাৰ” বোমা বিস্ফোৰণ কৰি আন্তঃৰাষ্ট্ৰীয় সমৰ্থন হেৰুৱাবলৈ আৰম্ভ কৰিছে। ৱাশ্বিংটনত অনুষ্ঠিত নিৰ্বাচনী পুঁজি সংগ্ৰহ অনুষ্ঠানত দাতাসকলৰ আগত দিয়া ভাষণত এই কথা কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ইজৰাইল কৰ্তৃপক্ষৰ প্ৰতি তেওঁৰ এইটোৱেই আজিলৈকে আটাইতকৈ কঠোৰ প্ৰতিক্ৰিয়া।
বৃহস্পতিবাৰে ইজৰাইল ভ্ৰমণৰ কথা বাইডেন প্ৰশাসনৰ নিৰাপত্তা উপদেষ্টা জেক চুলিভানে। তাত তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক সাক্ষাৎ কৰিব। যুদ্ধৰ পিছৰ গাজা কেনেকৈ শাসন কৰিব সেই সন্দৰ্ভত ৱাশ্বিংটনৰ সৈতে তেওঁৰ মতানৈক্য আছে বুলি কয় নেতানিয়াহুৱে।