থাইলেণ্ডৰ প্ৰগতিশীল মুভ ফৰৱাৰ্ড পাৰ্টিৰ সংসদ সদস্য ৰুকচানোক শ্ৰীনৰ্ক (২৯)ক ৰজাক সমালোচনা কৰাৰ অপৰাধত ছবছৰৰ কাৰাদণ্ড বিহা হৈছে। বুধবাৰে থাইলেণ্ডৰ আদালতে এই ৰায় দিয়ে।
ছ’চিয়েল মিডিয়া এক্সত ৰজাৰ অপমানজনক দুটা বাৰ্তা পুনৰ পোষ্ট কৰাৰ বাবে ‘লেছ মেজেষ্টে এণ্ড কম্পিউটাৰ ক্ৰাইমছ’ আইন উলংঘা কৰাৰ অপৰাধত শ্ৰীনৰ্কক দোষী সাব্যস্ত কৰা হয়।
লগতে পঢ়কঃ ছচিয়েল মিডিয়াত পৰিচয় ছয় অভিযুক্তৰ; সংসদত আক্ৰমণৰ আঁৰৰ ‘প্ৰকৃত’ কাৰণ কি জানেনে?
একে সময়তে আদালতে ৫ লাখ বাহ্ট ( ভাৰতীয় মুদ্ৰাত প্ৰায় ১১ লাখ ৮৫ হাজাৰ) নিৰাপত্তাৰ সৈতে শ্ৰীনৰ্কক জামিন প্ৰদান কৰাৰ কথাও ঘোষণা কৰে।
এমএফপিৰ নেতা চৈথাৱান তুলাথানে কয় যে, “ৰুকচানোক শ্ৰীনৰ্কক ১১২ (লেছ মেজেষ্ট) অভিযোগৰ অধীনত তিনি বছৰৰ কাৰাদণ্ড আৰু কম্পিউটাৰ অপৰাধ আইন অনুসৰি তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছে।”
লগতে পঢ়কঃ প্ৰেমত ব্যৰ্থ হৈ যদি প্ৰেমিকে চৰম পন্থা গ্ৰহণ কৰে, তাৰ বাবে দায়ী নহয় প্ৰেমিকা; ক’লে উচ্চ ন্যায়ালয়ে
চলিত বৰ্ষৰ মে’ মাহৰ নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰিছে এমএফপিয়ে। কিন্তু থাইলেণ্ডৰ কঠোৰ ৰাজকীয় মানহানি আইন সংস্কাৰৰ পক্ষপাতী হোৱাৰ বাবেই দলটোৱে চৰকাৰ গঠন কৰাত ব্যৰ্থ হয়।