NORTHEAST NOW (Assamese)
অসম

পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথত দল-সংগঠনৰ প্ৰতিবাদ

Posted by: কাজি জেইদুল ইছলাম May 24, 2018 9:49 pm
IMG-20180524-WA0031

পেট্ৰ’ল-ডিজেলৰ লগতে অন্যান্য সা-সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিৰে দেশৰ শাসন ভাৰ দখল কৰা মোদী নেতৃত্বাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ দিনতে পেট্ৰ’ল ডিজেলৰ দামে সৰ্বকালৰ অভিলেখ ভংগ কৰাত ৰাজ্যৰ সৰ্বত্ৰে সাব্যস্ত হৈ আছে তীব্ৰ প্ৰতিবাদ।

ঠিক সেইদৰে আজি বিশ্বনাথতো বিভিন্ন দল-সংগঠনৰ নেতৃত্বত পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।

বিশ্বনাথৰ পুলিচ পইণ্টত প্ৰতিবাদকাৰীসকলে একগোট হৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক মিথ্যাচাৰী আখ্যা দি কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্বনাথৰ দুৰ্নীতি বিৰোধী যুৱশক্তি, অসম বিশ্বনাথ জিলা আৰু বিশ্বনাথ ঘাট আঞ্চলিক সমিতিয়ে অংশ লৈ অতি শীঘ্ৰে পেট্ৰ’ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।